Voice of Eastern India

ৰঙাজানৰ দুৰ্ঘটনাৰ নিকটাত্মীয়লৈ সৰ্বমুঠ ৯ লাখ টকাৰ সাহায্য; মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা


ৰঙাজানত উপস্থিত হৈ দুৰ্ঘটনাৰ বুজ ললে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। দুৰ্ঘটনাত মৃত্যু হোৱা পৰিয়াললৈ সৰ্বমুঠ ৯ লাখ টকাৰ আৰ্থিক সাহাৰ্য ঘোষণা।

কাজিৰঙাৰ ৰঙাজানৰ উপস্থিত হৈ দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।দুৰ্ঘটনাৰ সন্দৰ্ভত বুজ লৈ মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, শুকুৰবাৰে যি দুৰ্ঘটনা সংঘটিত হ’ল সেইটো অতি দুখজনক।দুৰ্ঘটনাটোত ২৬ গৰাকী লোকে প্ৰাণ হেৰুৱাব লগীয়াটো দুৰ্ভাগ্যজনক।সমগ্ৰ দুৰ্ঘটনাটো

মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, ৰাজ্য চৰকাৰৰ ফালৰ পৰা প্ৰতিগৰাকী মৃতকৰ পৰিয়াললৈ মুঠ ৭ লাখ টকাৰ সাহায্য প্ৰদান কৰা হ’ব। তাৰে মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ পৰা দিয়া হ’ব ৫ লাখ টকাৰ সাহায্য আৰু দু্ৰ্যোগ ব্যৱস্থাপনা বিভাগৰ পৰা দিয়া হ’ব ২ লাখ টকা। আনহাতে প্ৰধানমন্ত্ৰী সাহায্য পুঁজিৰ পৰাও ২ লাখ টকাৰ সাহায্য লাভ কৰিব। নিহতৰ পৰিয়ালে সৰ্বমুঠ ৯ লাখ টকাৰ সাহায্য লাভ কৰিব। অৱশ্যে টকাৰে এই মৃত্যুক জুখিব পৰা নাযায়। প্ৰতিটো পৰিয়ালৰে অপূৰণিয় ক্ষতি।

মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, মন্ত্ৰী সকলে নিহত লোকসকলৰ ঘৰে ঘৰে গৈ এই আৰ্থিক সাহায্য সমূহ বিতৰণ কৰিব। আৰু শেষকৃত্য সম্পন্ন হোৱাৰ পিছত কোনোবা এটা দিনত তেওঁলোকৰ ঘৰত ময়ো যাম।  

লগতে পঢ়ক: অভিশপ্ত ১৩ নৱেম্বৰ; চিকিৎসালয়ৰ বাহিৰত এম্বুলেন্সৰ শাৰী



Source link

Leave A Reply

Your email address will not be published.