Voice of Eastern India

কাজিৰঙাত কণ্টেইনাৰ-ট্ৰেভেলাৰৰ মুখামুখি সংঘৰ্ষ; ১০ জনৰ মৃত্যু


নগাঁও অভিমুখী ট্ৰেভেলাৰ আৰু যোৰহাট অভিমুখী এখন কণ্টেইনাৰৰ মাজত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়।

কাজিৰঙাৰ ৰঙাজানত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে।নগাওঁ অভিমুখে হৈ  থকা এখন ট্ৰেভেলাৰ আৰু কণ্টেইনাৰৰ মুখামুখি সংঘৰ্ষ হয়।

ট্ৰেভেলাৰখনত কলেজীয়া শিক্ষাৰ্থীসহ ৩৫ গৰাকীতকৈও অধিক যাত্ৰী আছিল বুলি জানিব পৰা গৈছে।

দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে, ১০ জনতকৈ অধিক লোক থিতাতে নিহত হোৱাৰ আশংকা কৰা হৈছে। ট্ৰেভেলাৰৰ ভিতৰত থকা যাত্ৰী সকলক উদ্ধাৰ কৰি কঁহৰা আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে আনহাতে বৰ্তমানেও কেইবাজনো যাত্ৰী ট্ৰেভেলাৰ খনৰ ভিতৰত আৱদ্ধ হৈ আছে।

লগতে পঢ়ক: Karimganj Triple Murder: একে নিশাই নিঃশেষ হ’ল পৰিয়ালৰ তিনিটা প্ৰাণ! মাতৃ-ভাতৃৰ অৱস্থাও সংকটজনক



Source link

Leave A Reply

Your email address will not be published.