মানসজ্যোতি চেতিয়াৰ হত্যাৰ পিছতে এতিয়া গৰজি উঠিছে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহা। শিৱসাগৰৰ বিধায়কৰ বিৰুদ্ধেও এক গুৰুত্বৰ অভিযোগ কৰিছে তেওঁ।
অবৈধ বাংলাদেশীৰ বিৰুদ্ধে গৰজি উঠিল বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহা। মানসজ্যোতি চেতিয়াৰ হত্যাৰ তদন্তক লৈ এক বিস্ফোৰক মন্তব্য কৰিছে শৃংখল চলিহাই। তেওঁ মুখ্যমন্ত্ৰী আৰু বিমল বৰাক ধন্যবাদ জনাই কয় যে, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু অভিভাৱক মন্ত্ৰী বিমল বৰাই আশ্বাস দিয়াৰ মতে কাম কৰিছে। কিন্তু আমাৰ এজন যুৱকৰ মৃত্যু হ’ল।খিলঞ্জীয়া যুৱকক আক্ৰমণ কৰাৰ ঘটনা সহ্য কৰা নহ’ব।
গতিকে আক্ৰমণ হ’লেই প্ৰত্যাক্ৰমণ হ’বই। যি সকলে এই কাম কৰিছে তেওঁলোকৰ ৪ টা মানক এনকাউণ্টাৰ কৰিব লাগিব। নহ’লে শিৱসাগৰত ভয়ংকৰ প্ৰত্যাক্ৰমণ হ’ব।শিৱসাগৰ আৰক্ষীয়ে কেতিয়াও নেদেখা প্ৰত্যাক্ৰমণ হ’ব বুলিও তেওঁ মন্তব্য কৰে।
তেওঁ লগতে কয়, আমি খিলঞ্জীয়া ভূমিপূত্ৰ মানুহ। আমি বাংলাদেশীৰ হাতত মৃত্যুবৰণ কৰিবলৈ অসম মুলুকত জনম লোৱা নাই। কোনেও ভাবিব নোৱাৰা প্ৰত্যাক্ৰমণ হ’ব। চিন্তামণি গড়ৰ পৰা উচ্ছেদ হ’ব আৰু সেই উচ্ছেদ চৰকাৰে নকৰিলে আমি কৰিম। মানসজ্যোতি চেতিয়াৰ তেজ অথলে যাব দিব নোৱাৰি।
শিৱসাগৰৰ বিধায়ক অখিল গগৈক তীক্ষ্ণ আক্ৰমণ কৰি শৃংখল চলিহাই কয়, শিৱসাগৰত থকা বাংলাদেশী সকল সাৱধান। বাংলাদেশীক কোনে ৰক্ষা কৰিব পাৰে ময়ো চাম। বচাব পাৰে যদি শিৱসাগৰৰ বিধায়কে বাংলাদেশীক বচাই দেখাওক। মই শিৱসাগৰৰ বিধায়কক প্ৰত্যাহ্বান জনাইছো।
লগতে পঢ়ক: মানসজ্যোতি চেতিয়াৰ ঘটনাৰ তদন্ত ক্ষীপ্ৰ কৰাৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ
