Voice of Eastern India

ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱক সাক্ষাৎ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ


দিল্লীত এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱ

অসমৰ ৰে’ল সংযোগ ব্যৱস্থা সুদৃঢ় কৰা আৰু আন্তঃগাঁথনিমূলক উন্নয়ন ত্বৰান্বিত কৰাৰ লক্ষ্যৰে শনিবাৰে নতুন দিল্লীত এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱ । কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ চৰকাৰী বাসভৱনত অনুষ্ঠিত এই বৈঠকত সমগ্ৰ অসমতে ৰে’ল যাতায়াত ব্যৱস্থাৰ সংযোগ বৃদ্ধি কৰা আৰু যাত্ৰীসকলৰ সা-সুবিধাসমূহ উন্নত কৰাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হয় ।

সামাজিক মাধ্যম এক্স (X)-ত এই বৈঠকৰ সবিশেষ শ্বেয়াৰ কৰি মুখ্যমন্ত্ৰী ড° শৰ্মাই কেন্দ্ৰীয় ৰে’ল মন্ত্ৰীগৰাকীক উচ্চ প্ৰশংসা কৰে । তেওঁ কয় যে, “আমাৰ বিদগ্ধ আৰু অতি জ্ঞানপ্ৰদ মাননীয় কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী অশ্বিনী বৈষ্ণৱ ডাঙৰীয়াক সাক্ষাৎ কৰাটো সদায় এক আনন্দৰ বিষয় ।”

অসমত চলি আছে বৃহৎ ৰে’ল প্ৰকল্পৰ কাম-

বৈঠকত দুয়োগৰাকী নেতাই অসমৰ ৰে’ল নেটৱৰ্কৰ চলি থকা অভূতপূৰ্ব পৰিৱৰ্তনৰ খতিয়ান পৰ্যালোচনা কৰে । বৰ্তমান ৰাজ্যখনত চলি থকা মুখ্য প্ৰকল্পসমূহৰ ভিতৰত আছে :

-১৩০০ কিলোমিটাতকৈও অধিক ৰে’ল পথৰ সম্প্ৰসাৰণ আৰু ডবলিং কাৰ্যসূচী ।

-‘অমৃত ভাৰত ষ্টেচন আঁচনি’ৰ অধীনত ৰাজ্যৰ ৫০টাতকৈও অধিক ৰে’লৱে ষ্টেচনৰ বিশ্বমানৰ পুনৰ উন্নয়ন ।

মুখ্যমন্ত্ৰীগৰাকীয়ে নিজৰ পোষ্টত উল্লেখ কৰে, “আমি অসমত সামগ্ৰিক ৰে’ল নেটৱৰ্ক আৰু ৰে’ল আন্তঃগাঁথনি সম্প্ৰসাৰণৰ সন্দৰ্ভত আলোচনা কৰোঁ, যাৰ ভিতৰত চলি থকা ১৩০০+ কিলোমিটাৰ ৰে’ল পথৰ সম্প্ৰসাৰণ আৰু ৫০+ অমৃত ভাৰত ষ্টেচনৰ কাম অন্তৰ্ভুক্ত আছে ।”

অৰ্থনৈতিক বিকাশ আৰু উত্তৰ-পূবৰ উন্নয়ন

এই আলোচনাসমূহ অসম তথা সমগ্ৰ উত্তৰ-পূব অঞ্চলত ৰে’ল সংযোগ সুদৃঢ় কৰা, পৰিবহন আন্তঃগাঁথনিৰ উন্নতি সাধন কৰা আৰু অৰ্থনৈতিক বৃদ্ধিত সহায় কৰাৰ বাবে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ ব্যাপক প্ৰয়াসৰ অংশ আছিল । চলি থকা এই প্ৰকল্পসমূহে সাধাৰণ যাত্ৰীসকলৰ সুবিধা বৃদ্ধি কৰাৰ লগতে মালবাহী বাহনৰ চলাচল অধিক দ্ৰুত কৰিব । ইয়াৰ ফলত আঞ্চলিক ব্যৱসায়-বাণিজ্যই এক গুৰুত্বপূৰ্ণ গতি লাভ কৰিব আৰু অসমক ৰাষ্ট্ৰীয় ৰে’ল নেটৱৰ্কৰ সৈতে আৰু অধিক দৃঢ়ভাৱে সংলগ্ন কৰা হ’ব ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকো সাক্ষাৎ মুখ্যমন্ত্ৰীৰ-

ৰে’ল মন্ত্ৰীৰ উপৰিও শনিবাৰে ৰাষ্ট্ৰীয় ৰাজধানীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকো সাক্ষাৎ কৰে । প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে সামাজিক মাধ্যম এক্সত এই বৈঠকৰ এক ছবি শ্বেয়াৰ কৰি আনুষ্ঠানিকভাৱে জানিবলৈ দিয়ে যে, “অসমৰ মুখ্যমন্ত্ৰী শ্ৰী @himantabiswa-ই প্ৰধানমন্ত্ৰী @narendramodi-ক সাক্ষাৎ কৰে ।” বৈঠকত ৰাজ্যখনৰ বিভিন্ন উন্নয়নমূলক দিশৰ সন্দৰ্ভত চৰ্চা হোৱা বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক : দিল্লীত প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ



Source link

Leave A Reply

Your email address will not be published.