ৰেচন কাৰ্ড হিতাধিকাৰীৰ বাবে সোমবাৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এটা ভালখবৰ দিছে। ৰহা সমষ্টি ৰাইজৰ মাজত পৰা পুনৰ বন্ধ হৈ থকা আঁচনি মুকলি কৰে।
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে ৰহাৰ পৰা হিতাধিকাৰীসকলৰ বাবে এক ভাল খবৰ দিছে।দাইল, চেনীৰ লগতে শীঘ্ৰেই হিতাধিকাৰীসকলে লাভ কৰিব চেনী। মুখ্যমন্ত্ৰী গৰাকীয়ে ৰহাৰ পৰা প্রতি ৰেচন কার্ডৰ বিপৰীতে বিনামূলীয়া ৰেচনৰ লগতে ৰাজসাহায্যযুক্ত মচুৰ দাইল আৰু চেনী বিতৰণ পুনৰ আৰম্ভ কৰে।ইয়াৰ অধীনত ৰাজ্যৰ ৭০ লাখতকৈ অধিক হিতাধিকাৰীয়ে ১০০ টকাতে বিনামূলীয়া ৰেচনৰ লগতে ১ কিল’গ্ৰামকৈ মচুৰ দাইল আৰু চেনি পাবলৈ সক্ষম হ’ব।
মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, আমাৰ যিখন আঁচনি বন্ধ হৈ আছিল সেইখন আজি ৰহা সমষ্টি ৰাইজৰ পৰা তাক আৰম্ভ কৰিছো। শীঘ্ৰেই ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে দাইল চেনীৰ লগতে নিমখো লাভ কৰিব।ৰাইজক দিয়া প্ৰতিটো প্ৰতিশ্ৰুতি শীঘ্ৰেই পালন কৰা হ’ব।
লগতে পঢ়ক: পুৱাই ৰ’দৰ ৰুদ্ৰ ৰূপ! পুৱাৰে পৰা অসহ্য গৰমত অতিষ্ঠ মহানগৰবাসী
