বিয়ালৈ দুদিন থাকোতেই ৰঙাজানৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে আৰক্ষী জোৱান সুশীল ভূমিজে।
বিয়া পাতি সংসাৰ কৰাৰ সপোন সপোন হৈয়ে থাকি গ’ল আৰক্ষী জোৱান সুশীল ভূমিজৰ।১৫ নৱেম্বৰত বিয়াৰ দিন আছিল সুশীল ভূমিজৰ।বোকাখাটৰ সাপজুৰিৰ ঘৰখনত বিয়া বুলি উদুলি-মুদুলি পৰিৱেশ। কিন্তু এজাক কাল ধুমুহাই শেষ কৰি দিলে ঘৰখনৰ সকলো আনন্দ।
ৰঙাজানৰ শোকাৱহ পথ দুৰ্ঘটনাত মৃত্যু হ’ল আৰক্ষী জোৱান সুশীল ভূমিজৰ।জানিব পৰা মতে দুদিন পিছত বিয়া আছিল আৰক্ষী জোৱান সুশীল ভূমিজৰ।শুকুৰবাৰৰ কাজিৰঙাৰ শোকাৱহ পথ দুৰ্ঘটনাত নিহত হ’ল লতাবাৰীৰ সুশীল ভূমিজৰ।
ভাবী স্বামীৰ অকাল বিয়োগৰ পিছতেই শোকত ভাঙি পৰিছে প্ৰেয়সী। কঁহৰা আদৰ্শ চিকিৎসালয়তে লৈ আছিল নাৰ্ছৰ প্ৰশিক্ষণ।
লগতে পঢ়ক: ৰঙাজান ট্ৰেজেডি: নিকটাত্মীয়লৈ ২ লাখকৈ প্ৰধানমন্ত্ৰীৰ সাহায্য ঘোষণা
