বন্যপ্ৰাণী সৰবৰাহকাৰী চক্ৰৰ কৱলৰ পৰা সফলতাৰে উদ্ধাৰ কৰাৰ পিছত সাতটাকৈ বিপন্ন প্ৰজাতিৰ সোণালী বান্দৰক পুনৰ বন্য পৰিৱেশলৈ এৰি দিয়া হৈছে
অসমৰ বন্যপ্ৰাণী সংৰক্ষণৰ ইতিহাসত আন এক বৃহৎ সফলতা । এটা আন্তঃৰাষ্ট্ৰীয় বন্যপ্ৰাণী সৰবৰাহকাৰী চক্ৰৰ কৱলৰ পৰা সফলতাৰে উদ্ধাৰ কৰাৰ পিছত সাতটাকৈ বিপন্ন প্ৰজাতিৰ সোণালী বান্দৰক পুনৰ বন্য পৰিৱেশলৈ এৰি দিয়া হৈছে । বনমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই জানিবলৈ দিয়া মতে, প্ৰয়োজনীয় চিকিৎসা, পুনৰ্সংস্থাপন আৰু বৈজ্ঞানিক পৰ্যবেক্ষণৰ অন্তত বান্দৰকেইটাক ছিখনা জহলাও ৰাষ্ট্ৰীয় উদ্যানত মুক্ত কৰি দিয়া হয় ।
ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্স (X)-ত এক পোষ্টৰ জৰিয়তে সুখবৰটো ভগাই লৈ বনমন্ত্ৰীগৰাকীয়ে লিখে :
“মই অত্যন্ত আনন্দৰে জনাইছোঁ যে উদ্ধাৰ, পুনৰ্সংস্থাপন আৰু সাৱধানী বৈজ্ঞানিক পৰ্যবেক্ষণৰ অন্তত সাতটা সোণালী বান্দৰক এতিয়া শিখনা জহলাও ৰাষ্ট্ৰীয় উদ্যানত তেওঁলোকৰ প্ৰাকৃতিক বাসস্থানলৈ সফলতাৰে পুনৰ মুকলি কৰি দিয়া হৈছে ।”
তেওঁ এই কাৰ্যক অসমৰ বন্যপ্ৰাণী সংৰক্ষণৰ প্ৰচেষ্টাত এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে অভিহিত কৰে । ইয়াৰ লগতে তেওঁ বন বিষয়া, বন্যপ্ৰাণী বিশেষজ্ঞ, সুৰক্ষা সংস্থা আৰু স্থানীয় ৰাইজৰ নিষ্ঠাপূৰ্ণ সমন্বিত প্ৰচেষ্টাক ধন্যবাদ জ্ঞাপন কৰে ।
চোৰাং চিকাৰী আৰু সৰবৰাহকাৰীলৈ তীব্ৰ হুংকাৰ
বনমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই স্পষ্ট কৰি দিয়ে যে অসম চৰকাৰে বন্যপ্ৰাণী অপৰাধৰ বিৰুদ্ধে সদায় কঠোৰ স্থিতি গ্ৰহণ কৰি আহিছে । তেওঁ কয় :
“তেওঁলোকৰ বন্য পৰিৱেশলৈ প্ৰত্যাৱৰ্তন হৈছে সকলোৰে একত্ৰিত প্ৰচেষ্টাৰ ফচল । ইয়াৰ জৰিয়তে বন্যপ্ৰাণী অপৰাধীসকললৈও এই স্পষ্ট বাৰ্তা প্ৰেৰণ কৰা হৈছে যে অসমত চোৰাং চিকাৰ আৰু বন্যপ্ৰাণী সৰবৰাহৰ বিৰুদ্ধে কোনো ধৰণৰ আপোচ কৰা নহয় বা ‘জিৰ’ টলাৰেঞ্চ’ নীতি গ্ৰহণ কৰা হৈছে ।”
উল্লেখযোগ্য যে, অলপতে চিৰাং জিলাত অসম আৰক্ষীৰ বিশেষ টাস্ক ফ’ৰ্চে চলোৱা এক বৃহৎ সৰবৰাহ বিৰোধী অভিযানৰ সময়ত আঠটা বিপন্ন সোণালী বান্দৰ উদ্ধাৰ কৰা হৈছিল । উদ্ধাৰ হোৱা আঠটা বান্দৰৰ ভিতৰত সাতটা বৰ্তমান সম্পূৰ্ণ সুস্থ হৈ উঠিছে যদিও দুৰ্ভাগ্যবশতঃ এটা বান্দৰে প্ৰাণ হেৰুৱায় ।
বন্যপ্ৰাণী (সুৰক্ষা) আইনৰ সূচী-১ৰ অধীনত সুৰক্ষিত সোণালী বান্দৰ হৈছে বিশ্বৰ আটাইতকৈ বিপন্ন প্ৰাইমেটসমূহৰ ভিতৰত অন্যতম । ৰাজ্যখনৰ এই আপুৰুগীয়া সম্পদসমূহক সুৰক্ষা দিবলৈ চৰকাৰ সংকল্পবদ্ধ বুলি দোহাৰি মন্ত্ৰীগৰাকীয়ে কয়- “আমি সকলোৱে মিলি অসমৰ প্ৰাকৃতিক ঐতিহ্য সুৰক্ষিত কৰিবলৈ আৰু ভৱিষ্যত প্ৰজন্মই যাতে এক সমৃদ্ধিশালী পৰিৱেশ তন্ত্ৰ লাভ কৰে, তাক নিশ্চিত কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ ।”
লগতে পঢ়ক : বন বিভাগত ধনৰ বিনিময়ত নচলিব বদলি-পোষ্টিং! মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ সাৱধানবাণী
