Voice of Eastern India

১৫ আগষ্টৰ পাছতহে খুলিব এইসমূহ বিদ্যালয়!


১৫ আগষ্টৰ পাছতহে খুলিব বানপীড়িত বিদ্যালয়! ১৫০ৰো অধিক স্কুল এতিয়াও পানী-বোকাৰ কৱলত

স্কুললৈ যাবলৈ সাজু ছাত্ৰ-ছাত্ৰী, কিন্তু এতিয়াও খুলিব পৰা নাই বিদ্যালয়ৰ দুৱাৰ! শিৱসাগৰ, নাজিৰা আৰু চৰাইদেউত বানৰ ভয়াৱহ প্ৰভাৱৰ বাবে ১৫ আগষ্টৰ পাছতহে পুনৰ আৰম্ভ হ’ব বহু বিদ্যালয়ৰ পাঠদান।

শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে জনোৱা মতে, বানপ্ৰভাৱিত জিলাকেইখনৰ ১৫০ খনতকৈও অধিক বিদ্যালয় এতিয়াও পানীৰ তলত আছে অথবা বানৰ পানী আৰু বোকা-পলসৰ ফলত গুৰুতৰভাৱে ক্ষতিগ্ৰস্ত হৈছে।

কোনো বিদ্যালয়ৰ চৌহদ এতিয়াও জলমগ্ন, আনহাতে পানী আঁতৰি যোৱা ঠাইতো এতিয়া ডাঠ বোকা আৰু পলসে সমস্যাৰ সৃষ্টি কৰিছে। ফলত বিদ্যালয়সমূহত তৎকালীনভাৱে নিয়মীয়া পাঠদান আৰম্ভ কৰাটো কঠিন হৈ পৰিছে।

শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে শিক্ষা বিভাগে ক্ষতিগ্ৰস্ত বিদ্যালয়সমূহৰ অৱস্থা নিৰন্তৰ পৰ্যবেক্ষণ কৰি আছে। পানী সম্পূৰ্ণৰূপে আঁতৰি যোৱাৰ পাছত বিদ্যালয়ৰ চৌহদ পৰিষ্কাৰ কৰা, মেৰামতি কৰা আৰু ছাত্ৰ-ছাত্ৰীৰ বাবে উপযোগী কৰি তোলাৰ কাম কৰা হ’ব।

বিদ্যালয়ৰ অৱস্থা আৰু মেৰামতিৰ কাম-কাজৰ ওপৰত ভিত্তি কৰিয়েই ১৫ আগষ্টৰ পাছতহে এই বিদ্যালয়সমূহত পাঠদান পুনৰ আৰম্ভ কৰাৰ সিদ্ধান্ত লোৱা হৈছে।

লগতে পঢ়ক : বানে বিধ্বস্ত কৰা শিৱসাগৰত আজিৰে পৰা খুলিছে বিদ্যালয়



Source link

Leave A Reply

Your email address will not be published.