Voice of Eastern India

১০০ টকাতে লাভ কৰিব দাইল-চেনি! ৭০ লাখ লোকলৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ সকাহ


৭০ লাখ লোকলৈ সকাহ! ১০০ টকাত পুনৰ লাভ কৰিব দাইল-চেনি

আকৌ ১০০ টকাত পাব দাইল আৰু চেনি! তিনি মাহ ধৰি বন্ধ হৈ থকা ৰাজ্য চৰকাৰৰ সুলভ মূল্যৰ আঁচনি পুনৰ আৰম্ভ হোৱাত ৰাজ্যৰ প্ৰায় ৭০ লাখ লোকলৈ আহিল ডাঙৰ সকাহ।

১০ আগষ্টত নগাঁও জিলাৰ ৰহাৰ পৰা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আঁচনিখন পুনৰ মুকলি কৰে। এতিয়াৰে পৰা ১০০ টকাত দাইল আৰু চেনি লাভ কৰিব পাৰিব হিতাধিকাৰীয়ে।

বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰেহাই মূল্যত চেনি, দাইল আৰু নিমখ যোগান ধৰিবলৈ আৰম্ভ কৰা এই আঁচনিখন চলিত বৰ্ষৰ ৰাজ্যিক বাজেটৰ সৈতে জড়িত বিলম্বৰ বাবে তিনি মাহ ধৰি স্থগিত হৈ আছিল।

অৱশ্যে কাৰিকৰী সমস্যাৰ বাবে এই মুহূৰ্তত নিমখৰ যোগান পুনৰ আৰম্ভ হোৱা নাই। মুখ্যমন্ত্ৰীয়ে কয় যে কেইদিনমানৰ ভিতৰতে নিমখো যোগান ধৰা হ’ব।

ইফালে অসম-অৰুণাচল সীমান্ত বিবাদক লৈও মুখ্যমন্ত্ৰীয়ে গুৰুত্বপূৰ্ণ মন্তব্য কৰে। দুয়োখন ৰাজ্যৰ মুখ্য সচিবৰ মাজত আলোচনা চলি থকাৰ লগতে আৰক্ষী সঞ্চালক প্ৰধানসকলেও পৰিস্থিতি নিৰীক্ষণ কৰি আছে।

মুখ্যমন্ত্ৰীৰ স্পষ্ট ঘোষণা—অসমে নিজৰ ভূখণ্ডৰ স্বাৰ্থত কোনো ধৰণৰ আপোচ নকৰে। কোনো পৰিস্থিতিতে অসমৰ মাটি এৰি দিয়া নহ’ব।

ইতিমধ্যে ঘটনাস্থলীলৈ অতিৰিক্ত আৰক্ষী বাহিনীও প্ৰেৰণ কৰা হৈছে।

লগতে পঢ়ক : ‘অসমৰ এক ইঞ্চি মাটিও এৰি নিদিওঁ’; অসম-অৰুণাচল ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া





Source link

Leave A Reply

Your email address will not be published.