Voice of Eastern India

শান্তিপূৰ্ণ আলাপ আলোচনাৰ মাজেৰে সীমা সমস্যা সমাধান কৰিবলৈ আহ্বান অগপ’ৰ

অসম আৰু অৰুণাচল প্ৰদেশৰ সীমা সমস্যা সমাধান হ'ব

অসম আৰু অৰুণাচল প্ৰদেশৰ সীমা সমস্যা শান্তিপূৰ্ণ আলাপ আলোচনাৰ মাধ্যমেৰে আগবঢ়োৱাৰ আহ্বান অগপ’ৰ

ABKK Kamarupa,13 August 2026, Guwahati : অসম-অৰুণাচল প্ৰদেশ আন্তঃৰাজ্যিক সীমান্তৰ বডোটি অঞ্চলত ভূমি বেদখলক কেন্দ্ৰ কৰি যোৱা ১০ আগষ্টত সৃষ্টি হোৱা বিবাদৰ পৰিপ্ৰেক্ষিতত সংঘটিত গুলীচালনাৰ ঘটনাত অসমৰ কেইবাগৰাকীও লোক আহত হোৱা ঘটনাৰ পাছত উদ্ভৱ হোৱা পৰিস্থিতিৰ সন্দৰ্ভত আজি ধেমাজি জিলা আয়ুক্তৰ কাৰ্যালয়ত অসম চৰকাৰৰ সীমান্ত সুৰক্ষা আৰু উন্নয়ন মন্ত্ৰী তথা অসম গণ পৰিষদৰ সভাপতি শ্ৰী অতুল বৰাই মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ সৈতে টাকাম মিচিং পৰিন কেবাং (TMPK)-ৰ সভাপতি, সাধাৰণ সম্পাদক তথা অন্যান্য বিষয়ববীয়াসকলৰ সৈতে এক আলোচনাত মিলিত হয়।

ইয়াৰ পাছতে আটাছু, টাইপা, বীৰ লাচিত সেনা, অসম জাতীয়তাবাদী যুৱ সন্মিলন, অসম জাতীয়তাবাদী যুৱ পৰিষদ, সোণোৱাল কছাৰী ছাত্ৰ সন্থা, ঐক্য মঞ্চ, অসমীয়া যুৱ মঞ্চকে ধৰি কেইবাটাও সংগঠনৰ প্ৰতিনিধিৰ সৈতেও গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয়।

লগতে, সদৌ অসম ছাত্ৰ সন্থা (আছু)-ৰ বিষয়ববীয়াসকলৰ সৈতেও এক বৈঠকত মিলিত হৈ বডটিত সংঘটিত হিংসাত্মক ঘটনাৰ পৰিপ্ৰেক্ষিতত উদ্ভৱ হোৱা পৰিস্থিতি আৰু সীমান্ত অঞ্চলত শান্তি-সম্প্ৰীতি অটুট ৰখাৰ ক্ষেত্ৰত সকলো পক্ষৰ দায়িত্বশীল ভূমিকা সন্দৰ্ভত আলোচনা কৰে।

আন্তঃৰাজ্যিক সীমান্ত অঞ্চলত শান্তি, সম্প্ৰীতি আৰু ভাতৃত্ববোধ অটুট ৰখাৰ লগতে দুয়োখন ৰাজ্যৰ জনসাধাৰণৰ মাজত থকা ঐতিহাসিক সৌহাৰ্দ্য আৰু সম্পৰ্ক অধিক সুদৃঢ় কৰাৰ ক্ষেত্ৰত সকলোৰে সক্ৰিয় সহযোগিতা অতি গুৰুত্বপূৰ্ণ। দুয়োখন ৰাজ্যৰ জনসাধাৰণৰ মাজৰ দীৰ্ঘদিনীয়া সম্পৰ্ক অটুট ৰাখিবলৈ সকলো পক্ষই সংযম, দায়িত্বশীলতা আৰু পাৰস্পৰিক সন্মানৰ মনোভাবেৰে আগবাঢ়ি আহক, এয়াই অসম গণ পৰিষদে কামনা কৰিছোঁ।

Leave A Reply

Your email address will not be published.