Voice of Eastern India

মোদী জীৰ বিপক্ষে কৈছে মই দুখ পাইছোঁঃ মন্ত্ৰীৰ কন্যাৰ প্ৰতিবাদত অংশগ্ৰহণক লৈ মুখ্যমন্ত্ৰী


মন্ত্ৰী কেশৱ মহন্তৰ কন্যাৰ CJP-ৰ প্ৰতিবাদত অংশগ্ৰহণক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

মন্ত্ৰী কেশৱ মহন্তৰ কন্যাই প্ৰধানমন্ত্ৰী মোদীৰ বিৰুদ্ধে শ্লোগান দিয়া চৰ্চিত ভিডিঅ’ক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই । শনিবাৰে সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰি দিয়ে যে সন্তান প্ৰাপ্তবয়স্ক হোৱাৰ পিছত তেওঁলোকৰ নিজস্ব মতাদৰ্শ বা কাম-কাজৰ বাবে পিতৃ-মাতৃক কোনো কাৰণতে জগৰীয়া কৰিব নোৱাৰি ।

সাংবাদিকৰ আগত মুখ্যমন্ত্ৰী ড° শৰ্মাই কয় যে প্ৰত্যেকগৰাকী প্ৰাপ্তবয়স্ক ব্যক্তিৰে স্বতন্ত্ৰ জীৱন ধাৰণ আৰু নিজা ৰাজনৈতিক মতাদৰ্শ থাকে, যিটো পিতৃ-মাতৃৰ সৈতে মিল নাথাকিবও পাৰে । নিজৰ পৰিয়ালৰ উদাহৰণ দাঙি ধৰি তেওঁ কয়- “মোৰ সন্তানে কি কৰে তাৰ বাবে মই কেনেকৈ উত্তৰদায়ী হ’ম ? আনকি মোৰ দাদাও মোৰ সকলো কথা মানি নলয় । আমাৰ সকলোৰে স্বতন্ত্ৰ জীৱন আছে । মোৰ সন্তানেও বহু কথাত মোৰ লগত একমত নহয় । ঠিক তেনেদৰে, বহু সাংবাদিকৰ ৰাজনৈতিক মতাদৰ্শও তেওঁলোকৰ পিতৃ-মাতৃৰ সৈতে নিমিলে ।”

তেওঁ কয়- “মোদী জীৰ বিপক্ষে কৈছে মই দুখ পাইছোঁ । তাই মোৰ ঘৰলৈ আহিয়ে থাকে, মই তাইক লগ পালে কথা পাতিম । কিন্তু কেশৱ মহন্তই বৰ্তমান বানপানীৰ পৰিস্থিতিত এখন ডাঙৰ ভূমিকা পালন কৰি আছে, গতিকে এনেবোৰ বিষয় আনি তেওঁক ভাৰাক্ৰান্ত কৰা উচিত নহয় ।”

তেওঁ আৰু কয়, “কাইলৈ যদি মোৰ পুত্ৰই মই একমত নোহোৱা কিবা কথা কয়, তেন্তে আচৰিত নহ’ব । সি উকীল হ’ব আৰু এদিন হয়তো মই অপছন্দ কৰা কাৰোবাৰ হৈ গোচৰ যুঁজিব পাৰে । সন্তান প্ৰাপ্তবয়স্ক হোৱাৰ পিছত পিতৃ-মাতৃক বিতৰ্কলৈ টানি অনাটো উচিত নহয় । যুৱতীগৰাকীয়ে যি ক’লে সেয়া ভুল আছিল । আমি দেউতাকৰ সৈতে নহয়, যুৱতীগৰাকীৰ সৈতেহে কথা পতা উচিত ।”

লগতে পঢ়ক : ৩ আগষ্টৰ পৰা আৰম্ভ হ’ব অৰুণোদয় আঁচনি



Source link

Leave A Reply

Your email address will not be published.