মুখ্যমন্ত্ৰী আৰু বিত্তমন্ত্ৰীক কৃতজ্ঞতা প্ৰকাশ তবিবৰ ৰহমানৰ
অসম সংখ্যালঘু আয়োগৰ প্ৰতি বাজেটত পুঁজি নিৰ্ধাৰণ চৰকাৰৰ
অসম চৰকাৰৰ বাজেটত সংখ্যালঘু সম্প্ৰদায়ক গুৰুত্ব দিয়া বাবে মুখ্যমন্ত্ৰী আৰু বিত্তমন্ত্ৰীক কৃতজ্ঞতা তবিবৰ ৰহমানৰ
ABKK Kamrupa, গুৱাহাটী, ১০ জুলাই ২০২৬ : অসমৰ প্ৰতিটো জাতি-জনগোষ্ঠীৰ উন্নয়ন আৰু বিকাশৰ সমান্তৰাল ভাৱে অসমৰ সংখ্যালঘু সম্প্ৰদায়ৰ উন্নয়নৰ বাবে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এইবাৰ ২০২৬-২৭ বিত্তীয় বৰ্ষৰ বাজেটত ৭৮ কোটি টকা অনুমোদন কৰি বিভিন্ন ক্ষেত্ৰত বিকাশৰ যি দূৰদৰ্শিতা দেখুওৱালে তাৰ বাবে মুখ্যমন্ত্ৰীক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ- এই মন্তব্য কৰিছে অসম চৰকাৰৰ সংখ্যালঘু আয়োগৰ অধ্যক্ষ তবিবৰ ৰহমানে।
যোৱা ১৪ জুন ২০২৬ তাৰিখে সংখ্যালঘু সম্প্ৰদায়ৰ বিভিন্ন সমস্যাৰ বিষয়ে অসম ৰাজ্যিক সংখ্যালঘু আয়োগৰ তৰফৰ পৰা মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি তেখেতৰ হাতত এখন স্মাৰক পত্ৰ প্ৰদান কৰিছিলোঁ আৰু সেই স্মাৰকপত্ৰৰ প্ৰায় খিনি সমস্যা সমাধান হোৱাৰ পথত প্ৰসস্ত কৰি দিছে। বিশেষকৈ ছাত্ৰ ছাত্ৰী সকলক উচ্চ শিক্ষাৰে শিক্ষিত হোৱাকৈ চৰকাৰী আৰ্থিক সাহায্য প্ৰদান আৰু অসুস্থ ৰোগীলৈ আৰ্থিক সাহায্য প্ৰদান এক সুন্দৰ পদক্ষেপ।
চৰ চাপৰিত বসবাস কৰা প্ৰায় ৪০ লাখ ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ উন্নয়নৰ বাবে বিশেষ ব্যৱস্থা ইত্যাদি এক সাৱলীল বাজেট।
এই চেগতে বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু সংখ্যালঘু পৰিক্ৰমা বিভাগৰ মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছে আয়োগৰ অধ্যক্ষ তবিবৰ ৰহমানে।

