Voice of Eastern India

মাতৃ-পুত্ৰই দেশ অস্থিৰ কৰাৰ চেষ্টা কৰিছেঃ ছোনিয়া-ৰাহুলক সমালোচনা মুখ্যমন্ত্ৰীৰ


ছোনিয়া-ৰাহুলে ৰাজনৈতিক ক্ষমতা পুনৰ দখলৰ বাবে দেশত অৰাজক পৰিৱেশ সৃষ্টি কৰিবলৈ চেষ্টা কৰাৰ অভিযোগ মুখ্যমন্ত্ৰীৰ

কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীৰ বিৰুদ্ধে দেশবিৰোধী কাৰ্যকলাপত জড়িত হোৱা আৰু ৰাজনৈতিক ক্ষমতা পুনৰ দখলৰ বাবে দেশত অৰাজক পৰিৱেশ সৃষ্টি কৰিবলৈ চেষ্টা কৰাৰ অভিযোগ উত্থাপন কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

সোমাবাৰে অনুষ্ঠিত হোৱা এক সংবাদমেলত মুখ্যমন্ত্ৰীগৰাকীয়ে অভিযোগ কৰে যে ‘মাতৃ-পুত্ৰই‘ দেশৰ বিৰুদ্ধে অৱস্থান গ্ৰহণ কৰিছে আৰু বিভিন্ন অজুহাতত সাধাৰণ জনগণক ৰাজপথলৈ ওলাই আহিবলৈ ওচটনি দিছে (Sonia Rahul Gandhi Controversy)।

মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয়-ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীয়ে এক প্ৰকাৰ দেশৰ বিৰুদ্ধে থিয় দিয়াৰ অভিযানত নামিছে । জেনজিৰ নামত আন্দোলন কৰিবলৈ উচটনি দিয়াৰ লগতে সমগ্ৰ দেশক অস্থিৰ কৰি তুলিবলৈ তেওঁলোকে সংকল্প লৈছে ।“

স্বাধীনতা দিৱসত ‘বন্দে মাতৰম‘ পৰিৱেশনৰ বিতৰ্কক লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে-“ছোনিয়া গান্ধীয়ে যিদৰে বন্দে মাতৰক ব্যৱহাৰ কৰিলে তাৰ পৰা এটা কথা স্পষ্ট হয় যে, যদি কেতিয়াবা ভুলতে ভাৰতবৰ্ষত কংগ্ৰেছ শাসনলৈ আহে তেন্তে কি ধৰণৰ অৱস্থা এটা হ’ব পাৰে (Vande Mataram controversy) ।“

এই বিষয়ক লৈ বিশেষ চিন্তিত নহয় বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । কাৰণ হিচাবে তেওঁ কয় যে, তেওঁলোকে খোলাখুলিকৈ দেশবিৰোধী কাম কৰাৰ লগতে মুকলিকৈ দেশৰ জনসাধাৰণক আন্দোলন, ধৰ্ণাৰ বাবে উচটনি দি আছে (Himanta Biswa Sarma) ।   

লগতে ছোনিয়া গান্ধী, ৰাহুল গান্ধীয়ে ‘বন্দে মাতৰম‘ৰ সম্পূৰ্ণ ৰূপ পৰিৱেশন বন্ধ কৰাৰ চেষ্টা কৰা বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে অভিযোগ কৰে । এই প্ৰসংগত তেওঁ কংগ্ৰেছ পুনৰ ক্ষমতালৈ আহিলে দেশকৰ ভৱিষ্যত কি হ’ব পাৰে, তাৰেই প্ৰতিফলন এই ঘটনাত দেখা গৈছে বুলি মন্তব্য কৰে ।

মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, “‘মা-বেটা’ই বন্দে মাতৰম বন্ধ কৰাৰ যি চেষ্টা কৰিছে, সেয়াই প্ৰকাশ কৰে যে কংগ্ৰেছ ক্ষমতালৈ আহিলে দেশৰ ভৱিষ্যৎ কি হ’ব।”

লগতে পঢ়ক : বহুবিবাহ কৰা চৰকাৰী কৰ্মচাৰীক সকীয়নি মুখ্যমন্ত্ৰীৰ



Source link

Leave A Reply

Your email address will not be published.