Voice of Eastern India

বান বিধ্বস্ত ৰাষ্ট্ৰীয় ঘাইপথক লৈ গাডকাৰীৰে বৈঠকত মুখ্যমন্ত্ৰী


দিল্লীত কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীক সাক্ষাৎ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ। বান বিধ্বস্ত ৰাষ্ট্ৰীয় ঘাইপথক লৈ বিশেষ আলোচনা।

দিল্লীত কেন্দ্ৰীয় পথ পৰিৱহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীক সাক্ষাৎ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক সাক্ষাৎ কৰি বানপানীৰ ফলত ক্ষতিগ্ৰস্ত ৰাষ্ট্ৰীয় ঘাইপথসমূহ পুনৰুদ্ধাৰ আৰু ৰাজ্যৰ গুৰুত্বপূৰ্ণ পথ আন্তঃগাঁথনি প্ৰকল্পসমূহৰ সম্প্ৰসাৰণ সন্দৰ্ভত আলোচনা কৰে মুখ্যমন্ত্ৰীয়ে (flood damaged highways Assam)

বৈঠক সন্দৰ্ভত সামাজিক মাধ্যমত এটা পোষ্ট শ্বেয়াৰ কৰে মুখ্যমন্ত্ৰী ড০ শৰ্মাই। বানপানীৰ ফলত ক্ষতিগ্ৰস্ত ঘাইপথসমূহ শীঘ্ৰেই পুনৰুদ্ধাৰ কৰা আৰু ভৱিষ্যতে বানপানীৰ সৈতে অধিক শক্তিশালীভাৱে মোকাবিলা কৰিব পৰা ধৰণৰ পথ নিৰ্মাণৰ বিষয়ত এই বৈঠকত গুৰুত্ব আৰোপ কৰা হয় বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে (Himanta Biswa Sarma)।

ইফালে যোৰাবাটত সঘনাই হোৱা কৃত্ৰিম বানৰ বিষয়টোৱেও বৈঠকত স্থান পায়। যোৰাবাটৰ এই কৃত্ৰিম বানৰ স্থায়ী সমাধানৰ বাবে ঘাইপথ আন্তঃগাঁথনিৰ সামগ্ৰিক পুনৰ নক্সা কৰাৰ বিষয়টো বৈঠকত আলোচনা কৰা হয় বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

তদুপৰি ৰাজ্যৰ কেইবাটাও গুৰুত্বপূৰ্ণ পথ প্ৰকল্পৰ কাম ক্ষীপ্ৰ কৰা বিষয়টোও বৈঠকত উত্থাপন কৰে মুখ্যমন্ত্ৰীয়ে।

মুখ্যমন্ত্ৰী ড০ শৰ্মাই উল্লেখ কৰা মতে, কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এই প্ৰকল্পসমূহৰ লগতে অসমৰ অন্যান্য পথ আন্তঃগাঁথনিৰ প্ৰয়োজনীয়তাসমূহক কেন্দ্ৰীয় চৰকাৰে সৰ্বোচ্চ গুৰুত্ব প্ৰদান কৰাৰ লগতে সম্পূৰ্ণ সহযোগিতা আগবঢ়াব বুলি আশ্বাস দিয়ে।

লগতে পঢ়ক: মহানগৰীত প্ৰচণ্ড বৰষুণ, জুবিন ক্ষেত্ৰৰ সন্মুখতো কৃত্ৰিম বান





Source link

Leave A Reply

Your email address will not be published.