অসমৰ এই মহান নায়কগৰাকীৰ জীৱনৰ ওপৰত আধাৰিত এখন বৃহৎ বাজেটৰ বলীউড পৰ্যায়ৰ চলচ্চিত্ৰ নিৰ্মাণ কৰাৰ পৰিকল্পনা কৰিছে চৰকাৰে
মহাবীৰ লাচিত বৰফুকনৰ বীৰত্ব আৰু অসমৰ চহকী ইতিহাসক দেশ তথা বিশ্ব দৰবাৰত দাঙি ধৰাৰ বাবে এক বৃহৎ পদক্ষেপ গ্ৰহণৰ বাবে সাজু হৈছে ৰাজ্য চৰকাৰ । অসমৰ এই মহান নায়কগৰাকীৰ জীৱনৰ ওপৰত আধাৰিত এখন বৃহৎ বাজেটৰ বলীউড পৰ্যায়ৰ চলচ্চিত্ৰ নিৰ্মাণ কৰাৰ পৰিকল্পনা কৰা হৈছে । এই সন্দৰ্ভত চৰকাৰে ৰাষ্ট্ৰীয় বঁটা বিজয়ী ছবি ‘উৰি: দ্য চাৰ্জিকেল ষ্ট্ৰাইক’ৰ প্ৰখ্যাত পৰিচালক আদিত্য ধৰৰ সৈতে আলোচনা চলাই আছে । বৃহস্পতিবাৰে এক ফেচবুক লাইভ অনুষ্ঠানৰ জৰিয়তে এই গুৰুত্বপূৰ্ণ ঘোষণা কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ।
আগষ্টত হ’ব বিশেষ বৈঠক
মুখ্যমন্ত্ৰী ড০ শৰ্মাই জানিবলৈ দিয়ে যে প্ৰস্তাৱিত বায়’পিকখনৰ বিষয়ে বিতংভাৱে আলোচনা কৰিবলৈ অহা আগষ্ট মাহত তেওঁ পৰিচালক আদিত্য ধৰক সাক্ষাৎ কৰিব । উল্লেখ্য যে আদিত্য ধৰ বৰ্তমান তেওঁৰ আগন্তুক ছবিৰ কামত ব্যস্ত আছে । অৱশ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰি দিয়ে যে যদিহে কোনো কাৰণত আদিত্য ধৰৰ সৈতে এই আলোচনা সফল নহয়, তেন্তে চৰকাৰে অন্য পৰিচালকৰ কাষ চাপিব । কিন্তু লাচিত বৰফুকনৰ ওপৰত এখন বায়’পিক নিৰ্মাণ কৰাটো চৰকাৰে নিশ্চিত কৰিব ।
মুখ্যমন্ত্ৰীগৰাকীয়ে কয়- “যদি আদিত্য ধৰে এই ছবিখন পৰিচালনা কৰিব নোৱাৰে, তেন্তে আমি আন পৰিচালকৰ কাষ চাপিম । আমাৰ মূল উদ্দেশ্য হৈছে লাচিত বৰফুকনৰ ওপৰত এখন বায়’পিক নিৰ্মাণ কৰাটো নিশ্চিত কৰা ।”
ইতিহাসত প্ৰথমবাৰৰ বাবে চৰকাৰী পদক্ষেপ
যদিহে এই প্ৰকল্পটোৱে চূড়ান্ত ৰূপ লাভ কৰে, তেন্তে লাচিত বৰফুকনৰ জীৱনক কেন্দ্ৰ কৰি অসম চৰকাৰে প্ৰযোজনা বা সহযোগ কৰা ই হ’ব প্ৰথমখন বলীউড পৰ্যায়ৰ পূৰ্ণদৈৰ্ঘ্যৰ কথাছবি । এই ছবিখনৰ মূল লক্ষ্য হৈছে সমগ্ৰ ভাৰত তথা বিশ্বৰ দৰ্শকৰ সন্মুখত অসমৰ গৌৰৱময় ইতিহাস আৰু লাচিত বৰফুকনৰ অপৰিসীম বীৰত্বক মহিমান্বিত কৰা ।
লগতে পঢ়ক : অৰুণোদয় আঁচনিক লৈ মুখ্যমন্ত্ৰীয়ে ডাঙৰ ঘোষণা
