Voice of Eastern India

বঙাইগাঁৱত B+ তেজৰ সলনি ৰোগীক O+ তেজ দিয়াৰ অভিযোগ


বঙাইগাঁও মেডিকেল কলেজত এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে। B+ তেজৰ সলনি ৰোগীক O+ তেজ দিয়াৰ অভিযোগ আত্মীয়ৰ।

নিশা বঙাইগাঁও মেডিকেল কলেজত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। বঙাইগাঁও চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালত এজন ৰোগীক ভুল গ্ৰুপৰ তেজ দিয়া (Blood Transfusion) অভিযোগক লৈ এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।

জানিব পৰা মতে ৰাম প্ৰসাদ বেপাৰী নামৰ এগৰাকী ৰোগীক প্ৰয়োজন আছিল B+ গ্ৰপ তেজৰ কিন্তু চিকিৎসক-নাৰ্চে ৰোগীৰ দেহত দিলে O+ গ্ৰুপৰ তেজ। এই ভুলৰ ফলত ৰোগীজনৰ অৱস্থা সংকটজনক হৈ পৰে আৰু তেওঁক ICUত ভৰ্তি কৰাবলগীয়া হয়।

ৰোগীজনৰ পৰিয়ালে হাস্পতাল কৰ্তৃপক্ষৰ বিৰুদ্ধে গুৰুতৰ অৱহেলাৰ অভিযোগ উত্থাপন কৰাৰ লগতে ঘটনাটোৰ পৰিস্থিতিক লৈ উদ্বেগ প্ৰকাশ কৰে।

ঘটনাৰ পিছতে চিকিৎসা মহাবিদ্যালয়খনৰ দুজন বিষয়া ঘটনাস্থলীত উপস্থিত হৈ সমগ্ৰ বিষয়টো তদন্ত কৰিবলৈ এখন তদন্ত কমিটি গঠন কৰা হ’ব বুলি পৰিয়ালক আশ্বাস দিয়ে।

তদুপৰি, ঘটনাৰ সময়ত কৰ্তব্যৰত দুগৰাকী নাৰ্চ আৰু এজন চিকিৎসকৰ বিৰুদ্ধে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও বিষয়াদ্বয়ে আশ্বাস প্ৰদান কৰে।এই আশ্বাসৰ পিছতে পৰিস্থিতি শান্ত হয় বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে যোৱা ৫ অক্টোবৰত মেডিকেল কলেজখন মুখ্যমন্ত্ৰী ড০ হিমন্তবিশ্ব শৰ্মাই মুকলি কৰিছিল। ৰাইজৰ জনস্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি মুখ্যমন্ত্ৰীয়ে দিনে নিশাই কাম কৰি থকাৰ পিছতো একাংশ দায়িত্বজ্ঞানহীন চৰকাৰী চিকিৎসক তথা নাৰ্চৰ এনে কৰ্মকাণ্ডই স্বাভাৱিকতে এক নেতিবাচক প্ৰভাৱ পেলাইছে।

লগতে পঢ়ক: Bangladeshis detained in Goalpara: গোৱালপাৰাৰ হোটেলৰ পৰা আটক ১২ বাংলাদেশী



Source link

Leave A Reply

Your email address will not be published.