টিএমপিকেৰ সভাপতি তিলক দলে আৰু সাধাৰণ সম্পাদক চান দঞি পাংগিঙলৈ অভিনন্দন
শুভেচ্ছা জ্ঞাপন আছুৰ সভাপতি উৎপল শৰ্মাৰ
মিচিং জনজাতিৰ শক্তিশালী সংগঠন টাকাম মিচিং পৰিণ কেবাঙ (TMPK)ৰ নৱনিৰ্বাচিত সভাপতি মিগাং তিলক দলে আৰু সাধাৰণ সম্পাদক মিগাং শান দঃঞি পাংগিঙলৈ সদৌ অসম ছাত্ৰ সন্থাৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জনাইছোঁ।
মিচিং সমাজৰ সৰ্বতোপ্ৰকাৰৰ উত্তৰণৰ বাবে সংগঠনটোৱে জন্মলগ্নৰে পৰা কাম কৰি আহিছে। অসমৰ খিলঞ্জীয়া মানুহৰ সামূহিক স্বাৰ্থ সুৰক্ষিত কৰিবলৈ আছু আৰু টি.এম.পি.কে. ঐক্যবদ্ধ হৈ আগবাঢ়ি যোৱাৰ অনেক উদাহৰণ আছে; সেই ধাৰা অব্যাহত থাকিব। শুভাশা।


