Voice of Eastern India

জুবিন গাৰ্গ হত্যাৰ মূল অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন নাকচ


মুকলি আকাশৰ তললৈ অহাৰ সপোন পূৰণ নহ’ল জুবিন গাৰ্গ হত্যাৰ মূল অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ। গুৱাহাটী উচ্চ ন্যায়ালয়ে শুকুৰবাৰে নাকচ কৰিলে জামিন আৱেদন।

গুৱাহাটী উচ্চ ন্যায়ালয়ে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আৱেদন পুনৰ খাৰিজ কৰিছে। ন্যায়াধীশ মিতালী ঠাকুৰীয়াই এই আদেশ প্ৰদান কৰি সিদ্ধাৰ্থ শৰ্মাৰ জামিন আৱেদন নাকচ কৰে। সিদ্ধাৰ্থ শৰ্মাৰ জামিন আৱেদন নাকচ হোৱাৰ এয়া দ্বিতীয়টো ঘটনা।

ইয়াৰ পূৰ্বে ফাষ্ট ট্ৰেক আদালতেও তেওঁৰ জামিন আৱেদন খাৰিজ কৰিছিল।সিদ্ধাৰ্থৰ মহাবীৰ একুৱা আৰু বেংক একাউণ্ট খুলি দিয়াৰ সন্দৰ্ভত ২৪ জুলাইত পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰা হৈছে। বৰ্তমানৰ এই আদেশৰ পাছত, গোচৰটোৰ তদন্ত আৰু আইনী প্ৰক্ৰিয়া অব্যাহত থকাৰ পৰিপ্ৰেক্ষিতত সিদ্ধাৰ্থ শৰ্মা ন্যায়িক জিম্মাতে থাকিব লাগিব।

উল্লেখ্য যে, ১৯ ছেপ্টেম্বৰ, ২০২৫ তাৰিখে জুবিন গাৰ্গৰ মৃত্যু হোৱাৰ পাছত ১ অক্টোবৰ, ২০২৫ তাৰিখে সিদ্ধাৰ্থ শৰ্মাক গ্ৰেপ্তাৰ কৰা হৈছিল।

লগতে পঢ়ক: অসমত হ’ব বৃহৎ বিনিয়োগ! মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ জাপানৰ ৰাষ্ট্ৰদূতৰ ফোন



Source link

Leave A Reply

Your email address will not be published.