Voice of Eastern India

চাহিদা পূৰাবলৈ সাজু অসম: বিদ্যুতৰ অভাৱ দূৰ কৰিবলৈ বৃহৎ প্ৰস্তুতি


বিদ্যুৎ খণ্ডত ত্বৰান্বিত বিনিয়োগ আৰু বৃহৎ আন্তঃগাঁথনি সম্প্ৰসাৰণৰ জৰিয়তে অসম ক্ৰমান্বয়ে এই দিশে অগ্ৰসৰ হৈছে বুলি আজি গুৰুত্বপূৰ্ণ মন্তব্য কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই

অসমক শক্তিৰ ক্ষেত্ৰত স্বাৱলম্বী তথা এক ‘শক্তি-উদ্বৃত্ত’ ৰাজ্য হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে ক্ষিপ্ৰতাৰে আগবাঢ়িছে ৰাজ্য চৰকাৰ । বিদ্যুৎ খণ্ডত ত্বৰান্বিত বিনিয়োগ আৰু বৃহৎ আন্তঃগাঁথনি সম্প্ৰসাৰণৰ জৰিয়তে অসম ক্ৰমান্বয়ে এই দিশে অগ্ৰসৰ হৈছে বুলি আজি গুৰুত্বপূৰ্ণ মন্তব্য কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ।

আজি ছচিয়েল মিডিয়া প্লেটফৰ্ম এক্স (X)-ত এক প’ষ্টৰ জৰিয়তে মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ বিদ্যুৎ খণ্ডৰ এই ইতিবাচক উন্নয়নৰ খতিয়ান ডাঙি ধৰে । তেওঁ উল্লেখ কৰে যে ৰাজ্যৰ প্ৰতিটো পৰিয়াললৈ ২৪ ঘণ্টাই অপ্ৰতিহত আৰু নিৰ্ভৰযোগ্য বিদ্যুৎ যোগান নিশ্চিত কৰাৰ উদ্দেশ্যেৰে চৰকাৰে বিদ্যুৎ আন্তঃগাঁথনি শক্তিশালীকৰণত সৰ্বাধিক গুৰুত্ব আৰোপ কৰিছে ।

বৰ্তমানৰ বিদ্যুৎ আন্তঃগাঁথনি :

মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, বৰ্তমান অসমৰ শক্তি খণ্ডক শক্তিশালী কৰি ৰাখিবলৈ ৰাজ্যত তলত দিয়া আন্তঃগাঁথনিসমূহ সক্ৰিয় হৈ আছে :

কাৰ্যক্ষম উপ-কেন্দ্ৰ : ৮২ টা

মুঠ গ্ৰীড ক্ষমতা : ১০,০০০ এমভিএ

ট্ৰান্সমিচন নেটৱৰ্ক : ৫,৩০০ চাৰ্কিট কিলোমিটাৰ

ভৱিষ্যতৰ পৰিকল্পনা আৰু সম্প্ৰসাৰণ :

কেৱল বৰ্তমানৰে নহয়, ভৱিষ্যতৰ বৰ্ধিত শক্তিৰ চাহিদা পূৰণৰ বাবেও ৰাজ্য চৰকাৰে কেইবাটাও অভিলাষী প্ৰকল্পৰ কাম হাতত লৈছে । এই সম্প্ৰসাৰণ আঁচনিৰ অধীনত হ’বলগীয়া কামসমূহ হ’ল :

নতুন উপ-কেন্দ্ৰ নিৰ্মাণ : ১৬ টা নতুন উপ-কেন্দ্ৰ

গ্ৰীড ক্ষমতা সংযোজন : অতিৰিক্ত ৬,৩৪০ এমভিএ ক্ষমতা বৃদ্ধি

নতুন ট্ৰান্সমিচন লাইন : ৯৫৭ চাৰ্কিট কিলোমিটাৰ নতুন লাইন মুকলি কৰা হ’ব

মুখ্যমন্ত্ৰী ড° শৰ্মাই পুনৰ কয় যে গ্ৰামাঞ্চলৰ পৰা চহৰাঞ্চললৈকে সমগ্ৰ অসমতে অবিৰত বিদ্যুৎ সেৱা সুনিশ্চিত কৰাটোৱেই চৰকাৰৰ মূল লক্ষ্য । ইয়াৰ বাবেই অধিক উপ-কেন্দ্ৰ স্থাপন, ট্ৰান্সমিচন ক্ষমতা বৃদ্ধি আৰু নেটৱৰ্ক সম্প্ৰসাৰণৰ কাম যুদ্ধকালীন তৎপৰতাৰে চলাই থকা হৈছে ।

লগতে পঢ়ক : ‘VB-GRAMG’আঁচনি ৰূপায়ণৰ বাবে সাজু অসম





Source link

Leave A Reply

Your email address will not be published.