Voice of Eastern India

‘গৌৰৱ-ৰকিবুলে কংগ্ৰেছ শেষ কৰিলে’; বদৰুদ্দিন আজমলৰ ….


AIUDF প্ৰধান বদৰুদ্দিন আজমলে কিবুল হুছেইন আৰু গৌৰৱ গগৈক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে।

AIUDF প্ৰধান বদৰুদ্দিন আজমলে এখন সংবাদমেল যোগে গৌৰৱ গগৈ আৰু সাংসদ ৰকিবুল হুছেইনক তীক্ষ্ণ  কটাক্ষ কৰিছে। বদৰুদ্দিন আজমলে কয় যে, ৰকিবুল হুছেইনে মুছলমানক বিক্ৰী কৰিছে।নগাঁৱৰ উপ-নিৰ্বাচনত মই গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইনৰ বাবেই হাৰিব লগা হ’ল। গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইনে যদি বিজেপিৰ হৈ কাম নকৰিলে হেঁতেন তেনেহলে নগাওঁ উপ নিৰ্বাচনত মই জয় লাভ কৰিলো হয়। ৰকিবুল হুছেইনে মুছলমানক বিক্ৰী কৰি আছে। তেওঁ লগতে দাবী কৰে যে, নগাঁও উপ-নিৰ্বাচনত ৰকিবুল হুছেইন আৰু গৌৰৱ গগৈয়ে ৭লাখ ভোট বিজেপিলৈ ট্ৰেন্সফাৰ কৰিছে।  

বদৰুদ্দিন আজমলে লগতে কয় যে, ৰকিবুল হুছেইন, গৌৰৱ গগৈ যেতিয়ালৈকে কংগ্ৰেছত থাকিব বিক্ৰী কৰি খাই থাকিব। গৌৰৱ গগৈ, ৰকিবুল থকালৈকে অসমত কংগ্ৰেছৰ উন্নতি নহয়। ৰাহুল গান্ধীয়ে দুয়োজনকে আঁতৰালেহে অসমত কংগ্ৰেছ জীয়াই থাকিব।যদি ৰাহুল গান্ধীয়ে মোৰ কথা শুনিছে তেন্তে শীঘ্ৰেই গৌৰৱ-ৰকিবুলক কংগ্ৰেছৰ নেতৃত্বৰ পৰা অপসাৰণ কৰক। আপোনাৰ অসম শেষ হৈ গ’ল।

আপোনাৰ ৰকিবুল আৰু গৌৰৱ গগৈ এতিয়া বিক্ৰী গ’ল। যদি অসমত কংগ্ৰেছক ৰক্ষা কৰিব বিচাৰে তেন্তে কংগ্ৰেছৰ পৰা গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইনক আঁতৰাব লাগিব। আমি অসমত আকৌ কংগ্ৰেছ জী উঠাটো বিচাৰো বুলিও তেওঁ মন্তব্য কৰে।

AIUDF প্ৰধান গৰাকীয়ে লগতে কয় যে,ধুবুৰীৰ উচ্ছেদ ক্ষেত্ৰত ৰকিবুল হুছেইন ১০০ শতাংশই বিফল। উচ্ছেদৰ সময়ত ৰকিবুল হুছেইন ক’ত আছিল? আচলতে গৌৰৱ গগৈ, ৰকিবুল হুছেইন সহ ৫ বিধায়কে পদত্যাগ কৰিব লাগে।আমি ১০-১৫ বছৰে উচ্ছেদ চলাবলৈ দিয়া নাছিলো। ৰকিবুল হুছেইন সাংসদ হৈ থকাৰ যোগ্য নহয়।

লগতে পঢ়ক: Government Employees: জনতাৰ অভিযোগক গুৰুত্ব নিদিয়াৰ পৰিণতি! একেলগে নিলম্বিত ১৫ বিষয়া-কৰ্মচাৰী



Source link

Leave A Reply

Your email address will not be published.