Voice of Eastern India

গুৱাহাটী-তেজপুৰ সংযোগী কৰিড’ৰ নিৰ্মাণক লৈ ৮,৯৭০.২০ কোটি টকাৰ অনুমোদন কেন্দ্ৰৰ


অসমৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত গুৱাহাটী -তেজপুৰ সংযোগী চাৰিলেনযুক্ত প্ৰৱেশ নিয়ন্ত্ৰিত কৰিড’ৰ নিৰ্মাণৰ বাবে কেন্দ্ৰীয় কেবিনেটে ৮,৯৭০.২০ কোটি টকাৰ অনুমোদন জনাইছে।

কেন্দ্ৰীয় মন্ত্ৰীসভাই ৬ আগষ্টত অসমৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত ৮,৯৭০.২০ কোটি টকাৰ আনুমানিক ব্যয়ৰে গুৱাহাটী তেজপুৰ সংযোগী ১৩৫.৮৭১ কিঃমিঃ দৈৰ্ঘ্যৰ, চাৰিলেনযুক্ত এক্সেছ-কন্ট্ৰ’ল্ড (access-controlled) কৰিডৰ নিৰ্মাণত অনুমোদন জনায়।

এটা চৰকাৰী বিবৃতি অনুসৰি, বিল্ড-অপাৰেট-ট্ৰান্সফাৰ (BOT) টোল আৰ্হিৰ অধীনত এই প্ৰকল্পটো ৰূপায়ণ কৰা হ’ব। ভাৰতীয় বায়ু সেনাৰ সহযোগত তেজপুৰ বাইপাছত ৪.৯ কিঃমিঃ দৈৰ্ঘ্যৰ জৰুৰীকালীন অৱতৰণৰ সুবিধা (emergency landing facility) প্ৰস্তুত কৰা হ’ব। এই প্ৰকল্পটোৱে ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰত থকা পূব-পশ্চিম কৰিডৰৰ অংশ বৰ্তমানৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ যান-জঁট লাঘৱ কৰিব বুলি আশা কৰা হৈছে।

যানবাহনৰ জঁট কমাবৰ বাবে বাইহাটা চাৰিআলি, ছিপাঝাৰ, খাৰুপেটীয়া, ঢেকীয়াজুলি আৰু তেজপুৰত পাঁচটা ডাঙৰ বাইপাছ নিৰ্মাণ কৰা হ’ব।

এই প্ৰকল্পত ১৫ খন ডাঙৰ দলং, ৩০ খন সৰু দলং, ১৯ খন ফ্লাইঅভাৰ, ৪৬ টা আণ্ডাৰপাছ আৰু তেজপুৰ বাইপাছত হাতী পাৰাপাৰৰ বাবে এটা বিশেষ আণ্ডাৰপাছ অন্তৰ্ভুক্ত কৰা হৈছে।

চৰকাৰে উল্লেখ কৰা মতে, এই কৰিডৰটোৱে বাহনৰ গড় গতি দুগুণ কৰিব আৰু ভ্ৰমণৰ সময় যথেষ্ট হ্ৰাস পাব। ইয়াৰ উপৰিও ই পথ সুৰক্ষা বৃদ্ধি, ইন্ধনৰ অপচয় ৰোধ আৰু বাহন চলোৱাৰ খৰচ হ্ৰাস কৰি আঞ্চলিক যোগাযোগ আৰু অৰ্থনৈতিক দিয়ক শক্তিশালী কৰি তুলিব।

উন্নীতকৃত ঘাইপথটোৱে অসম আৰু অৰুণাচল প্ৰদেশৰ মাজত সংযোগ শক্তিশালী কৰাৰ লগতে মূল অৰ্থনৈতিক, পৰ্যটন আৰু লজিষ্টিক কেন্দ্ৰসমূহ সংযোগ কৰিব।ইয়াৰ ভিতৰত ঔদ্যোগিক উদ্যানসমূহক সামৰি ৮ টা ‘পি এম গতি শক্তি’ অৰ্থনৈতিক নোড, দুখন আকাংক্ষিত জিলা — দৰং আৰু ওদালগুৰি, মা কামাখ্যা মন্দিৰ, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ওৰাং ৰাষ্ট্ৰীয় উদ্যানকে ধৰি ৩ টা মুখ্য পৰ্যটনস্থলী, আৰু ৩ টা ডাঙৰ ৰে’লৱে ষ্টেচন, ২ টা বিমানবন্দৰ তথা ২ টা অভ্যন্তৰীণ জলপথ টাৰ্মিনেলকে ধৰি ৭ টা লজিষ্টিক হাব অন্তৰ্ভুক্ত হৈ আছে।

লগতে পঢ়ক: ৬ মাহ, ১৩ খন দেশ…; প্ৰধানমন্ত্ৰী মোদীৰ বিদেশ ভ্ৰমণৰ খৰচৰ তথ্য প্ৰকাশ



Source link

Leave A Reply

Your email address will not be published.