কেবিনেট বৈঠকৰ অন্তত বহু কেইটা ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰীৰ
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৌৰোহিত্যত ১১ আগষ্টত অনুষ্ঠিত কেবিনেট বৈঠকত জনকল্যাণ, নিয়োগ, আন্তঃগাঁথনি আৰু প্ৰশাসনিক ক্ষেত্ৰত কেইবাটাও সিদ্ধান্তত অনুমোদন জনোৱা হয়।
কেবিনেটৰ সিদ্ধান্ত-
ইফালে, ২০২৬-২৭ বিত্তীয় বৰ্ষৰ SOPD-G পুঁজিৰ প্ৰথম কিস্তি হিচাপে বড়োলেণ্ড আঞ্চলিক পৰিষদলৈ ৪৫০ কোটি টকা মুকলি কৰাৰ সিদ্ধান্ত লোৱা হৈছে।
‘মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা’ আঁচনি ৰূপায়ণৰ বাবে ২০২৬-২৭ বৰ্ষৰ বাজেটত ১১৮.৫৮ কোটি টকা আবণ্টনৰ অনুমোদন দিছে কেবিনেটে।
CM-FLIGHT কাৰ্যসূচীৰ অধীনত বৈদেশিক ভাষা প্ৰশিক্ষণৰ পৰিশোধ গাঁথনিতো পৰিৱৰ্তন কৰা হৈছে। তিনিমাহৰ প্ৰশিক্ষণৰ পিছত ৩০,০০০ টকা, ছমাহ সম্পূৰ্ণ হ’লে আৰু ৩০,০০০ টকা, প্ৰশিক্ষণ আৰু ভাষা দক্ষতাৰ প্ৰমাণপত্ৰ দাখিলৰ পিছত ৪০,০০০ টকা আৰু সংস্থাপনৰ পৰৱৰ্তী সহায় হিচাপে ৫০,০০০ টকা প্ৰদানৰ ব্যৱস্থা কৰা হৈছে।
চৰকাৰী চাকৰিৰ ক্ষেত্ৰতো আহিল নতুন নিয়ম। নিযুক্ত প্ৰাৰ্থীৰ চৰিত্ৰ, পূৰ্বৱৰ্তী তথ্য, নথিপত্ৰৰ সত্যতা পৰীক্ষাৰ বাবে আৰক্ষীৰ দ্বাৰা সত্যাপন বাধ্যতামূলক কৰা হৈছে। আৰক্ষীয়ে এই প্ৰক্ৰিয়া ৬ মাহৰ ভিতৰত সম্পূৰ্ণ কৰিব লাগিব। অৱশ্যে নিযুক্তি প্ৰক্ৰিয়া পলম নহ’বলৈ নোটাৰীযুক্ত শপতনামা দাখিলৰ ব্যৱস্থা অব্যাহত থাকিব।
গুৱাহাটীৰ ‘এৰ’ট্ৰ’পলিছ ছেটেলাইট চিটি প্ৰজেক্ট’। ভূমি অধিগ্ৰহণ আৰু উন্নয়নৰ বাবে এই প্ৰকল্পত ২,১০০ কোটি টকাৰ প্ৰশাসনিক মঞ্জুৰী দিয়া হৈছে। গুৱাহাটী অঞ্চলৰ পৰিকল্পিত সম্প্ৰসাৰণ আৰু নতুন নগৰীয়া আন্তঃগাঁথনি গঢ়ি তোলাই ইয়াৰ অন্যতম লক্ষ্য।
ইফালে, জাগীৰোডৰ পূৰ্বৰ HPCL চৌহদত ‘তাজ গেটৱে’ হোটেল নিৰ্মাণৰ বাবেও কেবিনেটে AIDC আৰু IHCLৰ মাজৰ প্ৰস্তাৱিত লীজ দলিলত অনুমোদন জনাইছে।
মৰাণ আৰু মটক সম্প্ৰদায়ৰ বাবে আধাৰ নামভৰ্তিৰ ক্ষেত্ৰতো আহিছে সকাহ। অসমৰ ১৮ বছৰ আৰু তাতকৈ অধিক বয়সৰ আবেদনকাৰীৰ নতুন আধাৰ নামভৰ্তিৰ ওপৰত থকা নিষেধাজ্ঞা এই দুটা সম্প্ৰদায়ৰ ক্ষেত্ৰত ২০২৭ চনৰ ৩১ মাৰ্চলৈ শিথিল কৰা হৈছে।
আনহাতে, কৃষকৰ বাবেও আছে ডাঙৰ সকাহ। বাৰ্ষিক নিট কৃষি আয় ১০ লাখ টকালৈকে থকা কৃষকসকলৰ বাবে শূন্য কৃষি কৰৰ ব্যৱস্থা অনুমোদন কৰা হৈছে। ইয়াৰ ফলত সৰু সৰু চাহ খেতিয়কৰ এক বৃহৎ অংশ কৃষি কৰৰ আওতাৰ পৰা বাহিৰত থাকিব বুলি আশা কৰা হৈছে।
লগতে পঢ়ক : ১০০ টকাতে লাভ কৰিব দাইল-চেনি! ৭০ লাখ লোকলৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ সকাহ
