পুত্ৰৰ মৃতদেহ ঘৰলৈ আহিল, তাৰ পিছতেই মাতৃৰো মৃত্যু! নাজিৰাত হৃদয়বিদাৰক ঘটনা
এজনক বিদায় দিবলৈ সাজু হৈছিল পৰিয়ালটো। কিন্তু কোনেও ভবা নাছিল– সেই বিদায়ৰ মুহূৰ্ততে আন এজন আপোনজনকো হেৰুৱাব লাগিব।
অসমৰ শিৱসাগৰ জিলাৰ নাজিৰাত সংঘটিত হৈছে হৃদয় বিদাৰক ঘটনা। একেটা পৰিয়ালে মাত্ৰ কেইঘণ্টাৰ ব্যৱধানত হেৰুৱালে পুত্ৰ আৰু মাতৃক।
নাজিৰাৰ লখিমী পুখুৰীৰ ধীৰেন গগৈ (৩২) নামৰ যুৱকজনৰ শনিবাৰে (৮ আগষ্ট) এক পথ দুৰ্ঘটনাত মৃত্যু হয়। জানিব পৰা মতে, আৰক্ষীৰ চেকিং পইণ্টৰ ওচৰত অপেক্ষা কৰি থকা অৱস্থাত পিছফালৰ পৰা অহা এখন দ্ৰুতবেগী ডাম্পাৰে তেওঁক খুন্দা মাৰে।
দুৰ্ঘটনাৰ পিছত আৰক্ষী আৰু চিকিৎসা সম্পৰ্কীয় সকলো প্ৰক্ৰিয়া সম্পূৰ্ণ কৰি অন্ত্যোষ্টিক্ৰিয়াৰ বাবে ধীৰেনৰ মৃতদেহ ঘৰলৈ অনা হয়।
কিন্তু ঘৰলৈ পুত্ৰৰ নশ্বৰ দেহ অহাৰ পিছতেই সংঘটিত হয় আন এক হৃদয় বিদাৰক ঘটনা।
পুত্ৰক শেষবাৰৰ বাবে দেখাৰ পিছতে ধীৰেনৰ মাতৃ ৰূপা গগৈ (৫২) পদূলিতে ঢলি পৰে। আত্মীয়ৰ ভাষ্য অনুসৰি, পুত্ৰৰ মৃতদেহৰ কাষতে শেষ নিশ্বাস ত্যাগ কৰে মাতৃয়েও।
এজন পুত্ৰক হেৰুওৱাৰ শোক সামৰিবলৈ নৌপাওঁতেই মাতৃকো হেৰুৱালে পৰিয়ালটোৱে।
এদিনতে দুটাকৈ মৃত্যুৰ এই কৰুণ ঘটনাই সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পেলাইছে। পৰিয়ালটোৰ এই আকস্মিক দুৰ্যোগে আত্মীয়-স্বজনৰ লগতে স্থানীয় লোকসকলকো গভীৰ মৰ্মাহত কৰিছে।
লগতে পঢ়ক : এজাক বৰষুণতে গুৱাহাটীত আতংক! গীতানগৰত ভূমিস্খলনৰ ঘটনা
