Voice of Eastern India

আতিথ্য খণ্ডৰ প্ৰশিক্ষণ সম্পূৰ্ণ কৰিলে ২০০ লাখপতি বাইদেউৱে : প্ৰশংসা মুখ্যমন্ত্ৰীৰ


প্ৰথম পৰ্যায়ত ২০০ গৰাকী হ’বলগীয়া লাখপতি বাইদেউয়ে আতিথ্য খণ্ডত সফলতাৰে পেচাদাৰী প্ৰশিক্ষণ সম্পূৰ্ণ কৰিছে

অসম চৰকাৰৰ অভিলাষী ‘লাখপতি বাইদেউ’ আঁচনিয়ে ৰাজ্যৰ মহিলাসকলৰ মাজত আত্মনিৰ্ভৰশীলতাৰ পথ দেখুৱাইছে । দক্ষতা বিকাশ, আত্মবিশ্বাস বৃদ্ধি আৰু নতুন অৰ্থনৈতিক সুযোগ সৃষ্টিৰে এই আঁচনিয়ে বৰ্তমান অসমত এক নীৰৱ বিপ্লৱ চলাই থকা বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ।

২৫ জুনত ছচিয়েল মিডিয়া প্লেটফৰ্মত এটা পোষ্ট যোগে মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ মহিলা সবলীকৰণৰ দিশত এক গুৰুত্বপূৰ্ণ খবৰ ভাগ-বতৰা কৰে । তেওঁ জনায় যে মহিলাৰ নেতৃত্বত অৰ্থনৈতিক বিকাশ ত্বৰান্বিত কৰাৰ বাবে চৰকাৰে গ্ৰহণ কৰা বিশেষ প্ৰয়াসৰ অংশ হিচাপে প্ৰথম পৰ্যায়ত ২০০ গৰাকী হ’বলগীয়া ‘লাখপতি বাইদেউ’য়ে আতিথ্য খণ্ডত সফলতাৰে পেচাদাৰী প্ৰশিক্ষণ সম্পূৰ্ণ কৰিছে ।

কেৱল আৰ্থিক সাহায্য নহয়, লক্ষ্য বহনক্ষম জীৱিকা

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্পষ্ট কৰি দিয়ে যে লাখপতি বাইদেউ আঁচনিখন কেৱল সাময়িকভাৱে কোনো আৰ্থিক সাহায্য প্ৰদান কৰাৰ কাৰ্যসূচী নহয় । ইয়াৰ প্ৰকৃত লক্ষ্য হৈছে ৰাজ্যৰ চুকে-কোণে থকা মহিলাসকলৰ সুপ্ত প্ৰতিভা বিকাশ কৰা, তেওঁলোকৰ কাৰ্যক্ষমতা বৃদ্ধি কৰা আৰু ভৱিষ্যতৰ বাবে এক স্থায়ী তথা বহনক্ষম জীৱিকাৰ পথ প্ৰশস্ত কৰা ।

তেওঁ কয়- “আমাৰ লক্ষ্য হৈছে অসমৰ প্ৰতিগৰাকী মহিলাৰ আশা-আকাংক্ষাক একো একোটা সফল ব্যৱসায়িক উদ্যোগলৈ ৰূপান্তৰিত কৰা । আমি ৰাজ্যখনত এক নতুন প্ৰজন্মৰ মহিলা উদ্যোগী, লখপতি বাইদেউ আৰু সমাজ পৰিৱৰ্তনকামী সতীৰ্থ গঢ়ি তুলিব বিচাৰো ।”

‘অসমী ৰঙালী কেণ্টিন’ৰ জৰিয়তে ব্যৱসায়িক সফলতা

ৰাজ্য চৰকাৰৰ সফল কাৰ্যসূচী যেনে- ‘অসমী ৰঙালী কেণ্টিন’ আদিৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে বৰ্তমান অসমৰ গ্ৰাম্য তথা চহৰীয়া অঞ্চলৰ মহিলাসকলে ব্যৱসায়িক জ্ঞান আৰু উদ্যোগমুখী শিক্ষা লাভ কৰিবলৈ সক্ষম হৈছে । এই পেচাদাৰী প্ৰশিক্ষণে তেওঁলোকক নিজাকৈ স্বতন্ত্ৰ উদ্যোগ প্ৰতিষ্ঠা কৰা আৰু সেয়া সফলতাৰে পৰিচালনা কৰাত আত্মবিশ্বাস যোগাইছে ।

লগতে পঢ়ক : কৃষি খণ্ডৰ উন্নয়ন অবিহনে অসমৰ ক্ষিপ্ৰ প্ৰগতি সম্ভৱ নহয়: মন্ত্ৰী পীযুষ হাজৰীকা





Source link

Leave A Reply

Your email address will not be published.