
ৰাজ্যৰ গাৱে-ভূয়ে বিজেপিক আৰু অধিক শক্তিশালী কৰিবলৈ সাজু হৈছে ১২,২২৩ গৰাকী মহিলা কার্যকর্তা
এবিকেকে কামৰূপ, গুৱাহাটী ৬ জুলাই ২০২৬ঃ ভাৰতীয় জনতা পার্টি, অসম প্ৰদেশৰ ৩৩৬ টা সাংগঠনিক মণ্ডল সমিতিত দুদিনীয়াকৈ অনুষ্ঠিত হোৱা প্রবাসী প্রশিক্ষণ বর্গ ইতিমধ্যে সমাপ্ত হৈছে। এই প্রশিক্ষণ বর্গত প্রশিক্ষণ লাভকৰা ৪০ হাজাৰতকৈও অধিক কাৰ্যকৰ্তাৰ ভিতৰত ১২,২২৩ গৰাকী মহিলা কাৰ্যকৰ্তা আছিল। উল্লেখযোগ্য যে যোৱা ১৫ জুনৰ পৰা আৰম্ভ হোৱা ‘পণ্ডিত দীনদয়াল উপাধ্যায় প্রশিক্ষণ মহাভিযান’ ৫ জুলাইৰ দিনা অন্ত পৰে। এই সময়ছোৱাত ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই ৩০ খনতকৈও অধিক মণ্ডলত সমল ব্যক্তি হিচাপে উপস্থিত থাকি কাৰ্যকৰ্তাসকলৰ মনোবল বৃদ্ধি কৰাত আগভাগ লৈ বুলি অটল বিহাৰী বাজপেয়ী ভৱনৰ পৰা সংবাদমাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিত উল্লেখ কৰা হৈছে। উল্লেখযোগ্য যে শৃংখলাবদ্ধ কার্যপদ্ধতি, সুস্পষ্ট আদর্শ আৰু ৰাষ্ট্ৰসেৱাৰ প্ৰতি থকা অটল দায়বদ্ধতাৰ বাবেই ভাৰতীয় জনতা পাৰ্টিৰ সাংগঠনিক ভেটি মজবুত। ‘এক ভাৰত, শ্রেষ্ঠ ভাৰত’ৰ সংকল্পক সন্মুখত ৰাখি সাংস্কৃতিক ৰাষ্ট্ৰবাদ, একাত্ম মানৱদৰ্শন আৰু পঞ্চনিষ্ঠাক আধাৰ কৰি ভাৰতীয় জনতা পার্টি সমাজৰ সকলো স্তৰৰ মাজত আস্থা আৰু বিশ্বাস সুদৃঢ় কৰিবলৈ সক্ষম হৈছে।
আনহাতে জিলা পর্যায়তো ‘পণ্ডিত দীনদয়াল উপাধ্যায় প্রশিক্ষণ মহাভিযান’ ৬ জুলাইৰ পৰা ৩০ জুলাইলৈ দলৰ ৩৮ টা সাংগঠনিক জিলাত অনুষ্ঠিত হ’ব বুলি ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ৰ পৰা সংবাদ মাধ্যমলৈ প্রেৰণ কৰা এক প্ৰেছ বিবৃতি যোগে মিডিয়া পেনেলিষ্ট প্রিয়ংকা তামুলীয়ে জানিবলৈ দিয়ে। দলীয় কার্যকর্তাসকলক সংগঠনৰ ইতিহাস, আদর্শ, কার্যপদ্ধতি আৰু সাংগঠনিক দায়িত্বসমূহৰ বিষয়ে প্রশিক্ষণ প্রদান কৰি অধিক সুসংহত হিচাপে গঢ়ি তোলাই হ’ল এই প্রশিক্ষণ কাৰ্যসূচীৰ মূল উদ্দেশ্য। প্রশিক্ষণ বর্গত সমল ব্যক্তি হিচাপে উপস্থিত থকা দলৰ অভিজ্ঞতাপুষ্ট কার্যকর্তাসকলে দলৰ বিভিন্ন সাংগঠনিক কার্যসূচী, নীতি-আদর্শ, অনুশাসন ব্যৱস্থা আৰু কাৰ্যপদ্ধতি সম্পর্কে বর্গত অংশগ্রহণকাৰী সকলক বিস্তৃতভাবে অৱগত কৰাৰ লগতে সংগঠন অধিক শক্তিশালী কৰি তোলাৰ ক্ষেত্ৰত কাৰ্যকৰ্তাসকলৰ দায়িত্ব আৰু কৰণীয় বিষয়সমূহৰ ওপৰত বিশদ আলোচনা আগবঢ়ায়। ভাৰতীয় জনতা পার্টিয়ে দৃঢ়তাৰে বিশ্বাস কৰে যে এনে প্রশিক্ষণমূলক কার্যসূচীয়ে সংগঠনৰ ভেটি অধিক সুদৃঢ় কৰাৰ লগতে আগন্তুক দিনত দলক অধিক গতিশীল, শক্তিশালী আৰু জনমুখী ৰূপত আগুৱাই নিয়াত সহায়ক হ’ব।
