Voice of Eastern India

অসমত ৩টা বন্যপ্ৰাণী কেন্দ্ৰ স্থাপন প্ৰস্তাৱ বনতাৰাৰ


অসমৰ বন্যপ্ৰাণী সুৰক্ষাত নতুন অধ্যায়! ৩টা বিশেষ কেন্দ্ৰ স্থাপনৰ প্ৰস্তাৱ

ৰাজ্যত তিনিটাকৈ বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰসংস্থাপন কেন্দ্ৰ স্থাপনৰ প্ৰস্তাৱ আগবঢ়াইছে বনতাৰাই। এই প্ৰস্তাৱত ইতিমধ্যে ইতিবাচক সঁহাৰি দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

মুখ্যমন্ত্ৰী ড০ শৰ্মাই স্পষ্ট কৰি দিছে- বন্যপ্ৰাণীৰ যত্ন, সংৰক্ষণ আৰু অসমৰ প্ৰাকৃতিক ঐতিহ্য শক্তিশালী কৰা যিকোনো পদক্ষেপ চৰকাৰৰ বিবেচনাৰ যোগ্য। প্ৰস্তাৱিত কেন্দ্ৰসমূহৰ ব্যৱহাৰিক যোগ্যতা পৰীক্ষা কৰি পৰৱৰ্তী সিদ্ধান্ত লোৱা হ’ব বুলিও তেওঁ জনাইছে।

১২ আগষ্টত বনতাৰাই অসমৰ পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন বিভাগলৈ প্ৰেৰণ কৰা পত্ৰত বন বিভাগৰ পথপ্ৰদৰ্শন আৰু তত্ত্বাৱধানত তিনিটা বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰসংস্থাপন কেন্দ্ৰ স্থাপনৰ প্ৰস্তাৱ আগবঢ়ায়।

বিশেষ কথাটো হ’ল, কেন্দ্ৰকেইটাৰ স্থান, আকাৰ আৰু গঠন বন বিভাগৰ সৈতে আলোচনা কৰি চূড়ান্ত কৰা হ’ব। আনহাতে, কেন্দ্ৰসমূহ সম্পূৰ্ণ হোৱাৰ পিছত কোনো ধৰণৰ ধাৰ বা বাধ্যবাধকতা নোহোৱাকৈ ৰাজ্য চৰকাৰক গতাই দিয়াৰ কথাও পত্ৰখনত উল্লেখ কৰা হৈছে।

অসমৰ বন মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই প্ৰস্তাৱটোক আদৰণি জনাই অনন্ত আম্বানী আৰু বনতাৰাক এই পদক্ষেপৰ বাবে ধন্যবাদ জনাইছে।

লগতে পঢ়ক : বান বিধ্বস্ত অসমৰ কাষত ভূটান, মুখ্যমন্ত্ৰীলৈ বিশেষ বাৰ্তা



Source link

Leave A Reply

Your email address will not be published.