Voice of Eastern India

Assam Government Schemes: অৰুণোদয়ৰ পৰা ছেমিকণ্ডাক্টৰলৈ, ২০০ দিনৰ চৰকাৰৰ সাফল্যৰ তালিকা প্ৰকাশ মুখ্যমন্ত্ৰীৰ


Assam Government Schemes: নিযুক্তি, উদ্যোগ, আন্তঃগাঁথনিৰ পৰা নিৰাপত্তালৈ, ২০০ দিনত চৰকাৰৰ বিশেষ পদক্ষেপৰ খতিয়ান।

অসমত NDA 3.0 চৰকাৰৰ ২০০ দিন সম্পূৰ্ণ। এই উপলক্ষে বিগত সময়ছোৱাত চৰকাৰে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ বিষয়ে সামাজিক মাধ্যমযোগে সবিস্তাৰে উল্লেখ কৰিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। জনকল্যাণমূলক আঁচনিৰ পৰা আৰম্ভ কৰি উদ্যোগ, নিয়োগ, আন্তঃগাঁথনি আৰু নিৰাপত্তা ব্যৱস্থালৈকে চৰকাৰৰ উন্নয়নমূলক পৰিকল্পনাৰ এক আভাস দাঙি ধৰে তেওঁ।

ৰাজ্যবাসীৰ আস্থা আৰু সহযোগিতাৰ বাবে ধন্যবাদ জ্ঞাপন কৰি মুখ্যমন্ত্ৰীয়ে কয় যে এখন বিকশিত অসম গঢ়ি তোলাৰ লক্ষ্যৰে চৰকাৰ আগবাঢ়িছে। এই যাত্ৰাত সাধাৰণ জনতাৰ জীৱনলৈ ইতিবাচক পৰিৱৰ্তন অনাৰ লগতে যুৱপ্ৰজন্মৰ বাবে নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি কৰাত গুৰুত্ব দিয়া হৈছে (Assam Government Schemes)।

মুখ্যমন্ত্ৰীৰ পোষ্টত বিশেষ স্থান লাভ কৰে চৰকাৰৰ কেইবাখনো জনকল্যাণমূলক আঁচনিয়ে। অৰুনোদয় ৩.০, নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ জৰিয়তে বিভিন্ন শ্ৰেণীৰ লোকক সহায় আগবঢ়োৱাৰ কথা উল্লেখ কৰে তেওঁ। একেদৰে শিক্ষাৰ্থীসকলক উৎসাহিত কৰাৰ লক্ষ্যৰে ৰূপায়ণ কৰা স্কুটী বিতৰণ কাৰ্যসূচীৰ কথাও দাঙি ধৰে (Assam Infrastructure Development)।

যুৱপ্ৰজন্মৰ বাবে কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰাটোও চৰকাৰৰ অন্যতম অগ্ৰাধিকাৰ বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে। তেওঁৰ মতে, স্বচ্ছ প্ৰক্ৰিয়াৰে চৰকাৰী নিযুক্তিৰ সমান্তৰালভাৱে উৎপাদন উদ্যোগ, প্ৰযুক্তি, বাণিজ্য আৰু উদ্যমিতাৰ ক্ষেত্ৰতো নতুন কৰ্মসংস্থাপনৰ বাট মুকলি কৰাৰ প্ৰয়াস চলিছে।

উদ্যোগ আৰু বিনিয়োগৰ ক্ষেত্ৰতো কেইবাটাও বৃহৎ প্ৰকল্পৰ কথা উল্লেখ কৰে হিমন্ত বিশ্ব শৰ্মাই। জাগীৰোডত গঢ় লৈ উঠা ছেমিকণ্ডাক্টৰ উদ্যোগ, প্ৰস্তাৱিত ডিফেন্স পাৰ্ক, ৰঙিয়াত প্ৰতিৰক্ষা সামগ্ৰী নিৰ্মাণৰ পৰিকল্পনা আৰু যোৰহাট-শিলচৰত স্থাপন হ’বলগীয়া ডাটা চেণ্টাৰসমূহক অসমৰ অৰ্থনৈতিক বিকাশৰ সৈতে জড়িত গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে তুলি ধৰে তেওঁ।

ইয়াৰ লগতে ডুলুত গ্ৰীণফিল্ড বিমানবন্দৰ নিৰ্মাণৰ বাবে কেন্দ্ৰীয় কেবিনেটৰ অনুমোদন আৰু গহপুৰ-নুমলীগড় সংযোগী প্ৰস্তাৱিত সুৰংগ পথৰ বিষয়েও উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে। ৰাজ্যৰ যোগাযোগ ব্যৱস্থা উন্নত কৰাৰ লগতে বিনিয়োগৰ পৰিৱেশ অধিক শক্তিশালী কৰাৰ ক্ষেত্ৰত এই প্ৰকল্পসমূহে গুৰুত্ব লাভ কৰিব বুলি তেওঁ ইংগিত দিয়ে।

স্বাস্থ্য, শিক্ষা আৰু বিদ্যুৎ খণ্ডৰ উন্নয়নৰ কথাও বাদ নপৰিল মুখ্যমন্ত্ৰীৰ পোষ্টত। ৰাজ্যৰ পথ-দলং নিৰ্মাণ আৰু উন্নয়নৰ লগতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত প্ৰ’টন থেৰাপী সুবিধা স্থাপনৰ প্ৰস্তাৱৰ বিষয়েও উল্লেখ কৰে তেওঁ।

আনহাতে, ৰাজ্যৰ আভ্যন্তৰীণ নিৰাপত্তা ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে অসম আৰক্ষীৰ আধুনিকীকৰণৰ কথাও দাঙি ধৰে মুখ্যমন্ত্ৰীয়ে। নতুনকৈ কাৰ্যক্ষম হোৱা স্মাৰ্ট ৰেছপন্স ইউনিটত আৰবান আৰু জংগল ইণ্টাৰভেনশ্যন ইউনিট অন্তৰ্ভুক্ত কৰা হৈছে। বিশেষ পৰিস্থিতিত দ্ৰুত আৰু দক্ষতাৰে সঁহাৰি জনোৱাৰ বাবে এই বিশেষ ইউনিটসমূহ গঠন কৰা হৈছে বুলি উল্লেখ কৰে তেওঁ।

উন্নয়নৰ সমান্তৰালভাৱে অসমৰ ভাষা-সংস্কৃতি আৰু ঐতিহ্য সংৰক্ষণৰ বিষয়টোতো গুৰুত্ব দিয়ে মুখ্যমন্ত্ৰীয়ে। শ্ৰীমন্ত শংকৰদেৱ, বীৰ লাচিত বৰফুকন আৰু ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাৰ অৱদানৰ কথা স্মৰণ কৰাৰ লগতে ৰাজ্যত ক্ৰীড়াৰ পৰিৱেশ গঢ়ি তোলাৰ বাবে ‘খেল মহাৰণ’ৰ দৰে কাৰ্যসূচীৰ কথাও উল্লেখ কৰে।

২০০ দিনৰ এই সময়ছোৱাক কেৱল আৰম্ভণি বুলিহে অভিহিত কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আগন্তুক দিনত এখন এনে অসম গঢ়ি তোলাৰ লক্ষ্যৰে কাম কৰি যোৱাৰ প্ৰতিশ্ৰুতি দিয়ে তেওঁ, য’ত প্ৰতিটো পৰিয়ালে নিৰাপত্তা অনুভৱ কৰিব, শিশুসকলে উন্নত ভৱিষ্যতৰ সুযোগ লাভ কৰিব আৰু যুৱপ্ৰজন্মই নিজৰ সপোন পূৰণৰ বাবে অসমতে উপযুক্ত পৰিৱেশ বিচাৰি পাব।

লগতে পঢ়ক: Assam child marriage: কোনো শিশুৰ শৈশৱ কাঢ়ি নিব নোৱাৰিব! বাল্যবিবাহক লৈ কঠোৰ বাৰ্তা মুখ্যমন্ত্ৰীৰ





Source link

Leave A Reply

Your email address will not be published.