30 November Hearing: জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত জুবিন ক্ষেত্ৰত সমৱেত হ’ল শ শ লোক। ৩০ নৱেম্বৰৰ শুনানিক লৈ উত্তাল পৰিৱেশ।
30 November Hearing: জুবিন গাৰ্গৰ ন্যায় বিচাৰি জুবিন ক্ষেত্ৰত শ শ লোক।অখিল গগৈৰ নেতৃত্বতত সমৱেত হৈছে শ শ লোক।জুবিন গাৰ্গৰ ন্যায় বিচাৰি বাহিৰ কৰিব মানৱ শৃংখল।জয় জুবিন দা ধ্বনিৰে উত্তাল হৈছে জুবিন ক্ষেত্ৰ(30 November Hearing)।
দৰাচলতে, ৩০ নৱেম্বৰত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ শুনানি আছে।উচ্চতম ন্যায়ালয়ত শুনানি সম্পন্ন হ’ব। কিন্তু কোনো কাৰণতে যাতে মূল হত্যাকাৰী মুকলি আকাশৰ তললৈ আহিব নোৱাৰে,তাৰ কাৰণে অসম চৰকাৰৰ মহাধিবক্তাক সৰ্বশক্তিৰে আদালতত যুক্তি প্ৰদৰ্শনৰ দাবী কৰিছে অখিল গগৈয়ে(30 November Hearing)।
অখিল গগৈয়ে কয় যে, কোনো কাৰণতে মূল অভিযুক্তই জামিন পাব নোৱাৰিব।দিনে দিনে অসমবাসীৰ মৰমৰ জুবিন গাৰ্গৰ ন্যায়ৰ বিষয়টো লাহে লাহে নোহোৱা হ’ব ধৰিছে(30 November Hearing)। অহা ৩০ নৱেম্বৰত জুবিন গাৰ্গৰ হত্যাৰ গোচৰত অভিযুক্ত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ শুনানি যদি ৩০ নৱেম্বৰ তাৰিখে সেই অভিযুক্ত সকলে জামিন পাই তেনেহলে সেইটো অসমবাসীৰ বাবে অতি দুখজনক কথা হ’ব। সেই কাৰণেই আজি আমি অসমৰ বিভিন্ন স্থানৰ পৰা অহা সকলোৱে মিলি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছো। যাতে চৰকাৰে প্ৰকৃত অৰ্থত জুবিন গাৰ্গৰ প্ৰতি ন্যায় কৰে।
জুবিন গাৰ্গ হত্যাকাণ্ডৰ অভিযুক্ত সকলে কোনো কাৰণতে জামিন লাভ কৰিব নালাগিব। যি দুগৰাকীয়ে জামিন লাভ কৰিলে তেওঁলোকৰ জামিন নাকচ কৰিব লাগিব। আৰু ঘটনাটোৰ ওপৰত আৰু তদন্ত কৰিব লাগে৯30 November Hearing)।
লগতে পঢ়ক: Assam child marriage: কোনো শিশুৰ শৈশৱ কাঢ়ি নিব নোৱাৰিব! বাল্যবিবাহক লৈ কঠোৰ বাৰ্তা মুখ্যমন্ত্ৰীৰ
