কাজিৰঙাৰ ঘটনাক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শোক প্ৰকাশ কৰাৰ লগতে ২ লাখকৈ এককালীন সাহাৰ্য ঘোষণা কৰিছে।
কাজিৰঙাৰ ৰঙাজানত সংঘটিত হোৱা শোকাৱহ পথ দুৰ্ঘটনাটোত সমগ্ৰ দেশ জোকাৰি গৈছে। এই পথ দুৰ্ঘটনাক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে ভুক্তভোগীৰ পৰিয়ালবৰ্গলৈ আৰ্থিক সাহায্য ঘোষণা কৰিছে।

প্ৰধানমন্ত্ৰী গৰাকীয়ে প্ৰতিজন মৃতকৰ নিকটাত্মীয়লৈ প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ (PMNRF) পৰা ২ লাখ টকাকৈ এককালীন সাহায্য ঘোষণা কৰিছে। আনহাতে, আহতসকলে ৫০,০০০ টকাকৈ লাভ কৰিব। সামাজিক মাধ্যম ‘এক্স’ৰ এটা পোষ্টত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে লিখিছে, “অসমৰ গোলাঘাট জিলাত সংঘটিত দুৰ্ঘটনাটোত প্ৰাণহানি হোৱাৰ খবৰ পাই মই গভীৰভাৱে মৰ্মাহত হৈছো। এই শোকৰ সময়ত মই শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছো। লগতে আহতসকলৰ আশু আৰোগ্য কামনা কৰিছো।”
লগতে পঢ়ক: ১২ টা চালান, ৪ হাজাৰ জৰিমনা বাকী; কাজিৰঙা দুৰ্ঘটনাগ্ৰস্ত ট্ৰেভেলাৰখনৰ ভয়ংকৰ তথ্য
