Lakhimpur Eviction Drive: লখিমপুৰত চলিল প্ৰশাসনৰ উচ্ছেদ অভিযান। চিঞৰি চিঞৰি কান্দিছে বেদখলকাৰীয়ে।
লখিমপুৰ জিলাৰ বগীনদীত বৃহস্পতিবাৰে পুৱা চলিল প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান। বগীনদীৰ ১নং আৰু ২নং ভূমিত বেদখলমুক্ত কৰাৰ লক্ষ্যৰে চলোৱা এই অভিযানত বুলড’জাৰ লগাই ভাঙি পেলোৱা হয় বেদখলকাৰীৰ ঘৰ-দুৱাৰ। উচ্ছেদৰ সময়ত একাংশ বেদখলকাৰীক চিঞৰি চিঞৰি কান্দি থকা দেখা যায় (Lakhimpur Eviction Drive)।
প্ৰাপ্ত তথ্য অনুসৰি, প্ৰায় ৩২০ হেক্টৰ ভূমিত এই উচ্ছেদ অভিযান চলোৱা হয়। অভিযানত ১৩৫টা পৰিয়ালক উচ্ছেদ কৰা হৈছে বুলি জানিব পৰা গৈছে। অৱশ্যে প্ৰশাসনৰ তথ্য অনুসৰি, উক্ত ভূমিত ১৩২টা পৰিয়ালৰ মুঠ ৭০৪গৰাকী লোকে বসবাস কৰি আছিল। বেদখলকৃত ভূমিত স্থায়ী বাসগৃহৰ উপৰি এটা মছজিদ, এখন মাদ্ৰাছা আৰু তামোলৰ বাগানো গঢ়ি তোলা হৈছিল।
উচ্ছেদ অভিযানৰ সময়ত যাতে কোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয়, তাৰ বাবে বৃহৎ সংখ্যক আৰক্ষী আৰু নিৰাপত্তাৰক্ষী মোতায়েন কৰা হয়। প্ৰশাসনে পূৰ্বেই বেদখলকাৰীসকলক জাননী প্ৰেৰণ কৰিছিল যদিও জাননীৰ পাছতো ভূমি খালী নকৰাৰ অভিযোগত বৃহস্পতিবাৰে উচ্ছেদ অভিযান চলোৱা হয় (Lakhimpur PGR Land Eviction)।
ইফালে, চৰকাৰী PGR আৰু VGR ভূমিত কোনো ধৰণৰ অবৈধ নিৰ্মাণ সহ্য কৰা নহ’ব বুলি স্পষ্ট কৰি দিছে জিলা আয়ুক্তই। চৰকাৰী ভূমি বেদখলমুক্ত কৰাৰ অভিযান আগন্তুক দিনত অধিক তীব্ৰতৰ হোৱাৰ ইংগিতো পোৱা গৈছে।
আনহাতে, ৰঙাজান আৰু কইলামাৰী বৰবিলতো চৰকাৰী ভূমিত উচ্ছেদ অভিযান চলোৱাৰ সম্ভাৱনা আছে বুলি জানিব পৰা গৈছে।
লগতে পঢ়ক: Karimganj Triple Murder: একে নিশাই নিঃশেষ হ’ল পৰিয়ালৰ তিনিটা প্ৰাণ! মাতৃ-ভাতৃৰ অৱস্থাও সংকটজনক
