অসমত ভোটাৰ তালিকাৰ বিশেষ সংশোধনী (SIR) লাগিবই। ৰাজ্যত এখন নিখুঁত আৰু শুদ্ধ ভোটাৰ তালিকা প্ৰস্তুত কৰাৰ স্বাৰ্থত SIRৰ প্ৰয়োজনীয়তা আছে বুলি আছুৰ সভাপতি উৎপল শৰ্মাৰ ডাঙৰ মন্তব্য
সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাই SIR ৰ সন্দৰ্ভত এক ডাঙৰ মন্তব্য কৰিছে। এখন নিখুঁত আৰু ত্ৰুটিমুক্ত ভোটাৰ তালিকাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি অসমত ভোটাৰ তালিকাৰ বিশেষ নিবিড় সংশোধনী (SIR) ৰূপায়ণ কৰিবলৈ উৎপল শৰ্মাই আহ্বান জনাইছে।
উৎপল শৰ্মাই কয় যে,অসমত SIR লাগিবই। ভোটাৰ তালিকাত এটাও অবৈধ বাংলাদেশীৰ নাম থাকিব নোৱাৰিব।ভোটাৰ তালিকাৰে হোৱা নিৰ্বাচনৰ যুঁজ দিবলৈকে ঐতিহাসিক অসম আন্দোলন হৈছিল। গতিকে অবৈধ বাংলাদেশীৰ নাম কৰ্তন কৰি চাফা কৰিব লাগিব। বাংলাদেশীৰ নামমুক্ত এখন শুদ্ধ ভোটাৰ তালিকা আমাক লাগে।
নগাঁও জিলা ছাত্ৰ সন্থাৰ ২৫ সংখ্যক অধিৱেশনত মন্তব্য কৰি উৎপল শৰ্মাই কয় যে এখন শুদ্ধ ভোটাৰ তালিকা প্ৰস্তুত কৰাটো নিশ্চিত কৰিবলৈ এখন উন্নীতকৃত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী (NRC) অতি প্ৰয়োজনীয়।বাংলাদেশীৰ নাম কাটিবলৈ যিমান কঠোৰ ব্যৱস্থাৰ প্ৰয়োজন চৰকাৰে ল’ব লাগে।
লগতে পঢ়ক: ‘গৌৰৱ-ৰকিবুলে কংগ্ৰেছ শেষ কৰিলে’; বদৰুদ্দিন আজমলৰ বিস্ফোৰক মন্তব্য
