Voice of Eastern India

Asam Sahitya Sabha: অসম সাহিত্য সভাৰ পৰৱৰ্তী সভাপতি কোন? চৰ্চাত পাঁচগৰাকী বিশিষ্ট ব্যক্তি


Asam Sahitya Sabha: অসম সাহিত্য সভাৰ পৰৱৰ্তী সভাপতি নিৰ্বাচনৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে।

অসম সাহিত্য সভাৰ পৰৱৰ্তী সভাপতি নিৰ্বাচনক লৈ আৰম্ভ হৈছে তৎপৰতা। ২০২৭-২৯ বৰ্ষৰ কাৰ্যকালৰ বাবে সভাপতি পদত পাঁচগৰাকী বিশিষ্ট ব্যক্তিৰ নাম মনোনীত কৰিছে অসম সাহিত্য সভাই (Asam Sahitya Sabha)।

সভাৰ মুখ্য কাৰ্যালয়ত জ্যেষ্ঠ সদস্যসকলৰ উপস্থিতিত অনুষ্ঠিত এখন গুৰুত্বপূৰ্ণ বৈঠকত এই নামকেইটা চূড়ান্ত কৰা হয়। মনোনীত ব্যক্তিকেইগৰাকী হৈছে ড০ কৰবী ডেকা হাজৰিকা, ড০ অনিল শইকীয়া, প্ৰহ্লাদ চন্দ্ৰ তাছা, থানেশ্বৰ মালাকাৰ আৰু ড০ জগদীশ পাটগিৰি (Asam Sahitya Sabha President Election)।

এই পাঁচগৰাকী ব্যক্তিৰ ভিতৰৰ পৰাই নিৰ্বাচিত হ’ব ২০২৭-২৯ বৰ্ষৰ বাবে অসম সাহিত্য সভাৰ পৰৱৰ্তী সভাপতি। অৱশ্যে, সভাপতি নিৰ্বাচনৰ পৰৱৰ্তী প্ৰক্ৰিয়া কেতিয়া আৰু কেনেদৰে সম্পন্ন কৰা হ’ব, সেই সন্দৰ্ভত এতিয়ালৈকে সভাৰ তৰফৰ পৰা কোনো সবিশেষ প্ৰকাশ কৰা হোৱা নাই।

অসমৰ ভাষা-সাহিত্য আৰু সংস্কৃতিৰ চৰ্চা, সংৰক্ষণ তথা প্ৰসাৰত বিশেষ ভূমিকা পালন কৰি আহিছে অসম সাহিত্য সভাই। ৰাজ্যখনৰ অন্যতম পুৰণি আৰু প্ৰভাৱশালী সাহিত্য-সাংস্কৃতিক অনুষ্ঠানটোৰ পৰৱৰ্তী নেতৃত্ব কোনে গ্ৰহণ কৰিব, সেয়া এতিয়া লক্ষণীয় হৈ পৰিছে।

লগতে পঢ়ক: Garima Saikia Garg: উন্নত চিকিৎসা আৰু কাউন্সেলিঙৰ বাবে মুম্বাইলৈ নিয়া হ’ব গৰিমা শইকীয়া গাৰ্গক



Source link

Leave A Reply

Your email address will not be published.