Voice of Eastern India

Barpeta Boat Accident: ব্ৰহ্মপুত্ৰত নাও চলাচলক লৈ আহি গ’ল কঠোৰ নিষেধাজ্ঞা


Barpeta Boat Accident: নাও চলাচলক লৈ প্ৰশাসনৰ কঠোৰ সকীয়নি, যাত্ৰীৰ সুৰক্ষাৰ স্বাৰ্থত জাৰি বিশেষ নিৰ্দেশনা।

বৰপেটাৰ পৰা চৈয়দ ম‌ইদুল ইছলাম-

বৰপেটা জিলাৰ তাৰাবাৰী থানাৰ অন্তৰ্গত বহৰি পাৰঘাটৰ সমীপত ৩০ অক্টোবৰ সন্ধিয়া সংঘটিত হৈছিল এক নাও দুৰ্ঘটনা। দুখন নাৱৰ সংঘৰ্ষৰ ফলত সংঘটিত হৈছিল এই দুৰ্ঘটনাটো।

পৰবৰ্তী সময়ত ১ নৱেম্বৰৰ দিনৰ ১০ বজাত বৰপেটা জিলাৰ আয়ুক্ত নৱদ্বীপ পাঠক আৰু চেঙা ৰাজহ চক্ৰৰ বিষয়ববীয়াসহ উপস্থিত হয় বহৰি পাৰঘাটত। আয়ুক্ত নৱদ্বীপ পাঠকে দুৰ্ঘটনা সংঘটিত হোৱা অঞ্চল ক্ষেত্ৰত পৰিদৰ্শন কৰে। দুৰ্ঘটনা সংঘটিত হোৱা অঞ্চল ক্ষেত্ৰত পৰিদৰ্শন কৰি জনসাধাৰণৰ নিৰাপত্তা সুনিশ্চিত কৰা আৰু নাও দুৰ্ঘটনা ৰোধ কৰাৰ উদ্দেশ্যে বৰপেটা জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে (DDMA) এক নিৰ্দেশনা প্ৰকাশ কৰিছে।

এই নিৰ্দেশনা অনুসৰি, জিলাখনৰ সকলো বিভাগীয় আৰু ব্যক্তিগত নাও তথা ফেৰী সেৱা প্ৰতিদিনে বিয়লি ৪ বজাৰ পিছত চলাচল কৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। দুৰ্যোগ ব্যৱস্থাপনা আইন, ২০০৫-ৰ অধীনত বৰপেটাৰ জিলা আয়ুক্ত তথা জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সভাপতি শ্ৰী নৱদীপ পাঠকৰ দ্বাৰা জাৰি কৰা এই নিৰ্দেশনা লগে লগে কাৰ্যকৰী কৰা হৈছে আৰু পৰৱৰ্তী নিৰ্দেশ নিদিয়ালৈকে বাহাল থাকিব।

বিশেষকৈ বিয়লি আৰু নিশাৰ ভাগত হ্ৰাস পোৱা দৃশ্যমানতা, শীতকালৰ কুঁৱলী আৰু অন্যান্য জলপথ সংক্ৰান্তীয় বিপদৰ প্ৰতি লক্ষ্য ৰাখি জনসাধাৰণৰ সুৰক্ষাৰ স্বাৰ্থত এই নিষেধাজ্ঞা আৰোপ কৰা হৈছে। নিৰ্দেশনা অনুসৰি, সকলো ফেৰী চালক, ইজাৰাদাৰ আৰু নৌকা মালিকসকলে বিয়লি ৪ বজাৰ ভিতৰত অন্তিমটো যাত্ৰা সম্পন্ন কৰি ফেৰী সেৱা বন্ধ কৰাটো বাধ্যতামূলক কৰা হৈছে। নিৰ্ধাৰিত সময়ৰ পিছত কোনো নাও বা জলযানক যাত্ৰী কঢ়িওৱা বা চলাচল কৰাৰ অনুমতি দিয়া নহ’ব। কেৱল জৰুৰী পৰিস্থিতিত সক্ষম কৰ্তৃপক্ষৰ পূৰ্বানুমতি সাপেক্ষেহে ব্যতিক্ৰম হ’ব পাৰে।

ইফালে, ফেৰী সেৱাত নিয়োজিত সকলো নৌকা আৰু জলযানৰ বৈধ অনুজ্ঞাপত্ৰ থকাৰ উপৰিও পৰ্যাপ্ত সুৰক্ষা সামগ্ৰীৰে সুসজ্জিত হৈ থকাটো সুনিশ্চিত কৰিবলৈ সংশ্লিষ্ট কৰ্তৃপক্ষক নিৰ্দেশ দিয়া হৈছে। চক্ৰ বিষয়া, গুৱাহাটীৰ অভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ (IWT) বিষয়া, ছেকচনেল বিষয়া আৰু অন্যান্য সংশ্লিষ্ট কৰ্তৃপক্ষক নিজ নিজ অধিকাৰক্ষেত্ৰৰ অন্তৰ্গত সকলো ফেৰী ঘাটত এই নিষেধাজ্ঞা কঠোৰভাৱে ৰূপায়ণ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰা হৈছে।

তদুপৰি নিৰ্দেশনাত উল্লেখ কৰা হৈছে যে প্ৰবল বৰষুণ, ধুমুহা, প্ৰবল বতাহ, হ্ৰাস পোৱা দৃশ্যমানতা বা সক্ষম কৰ্তৃপক্ষই বতৰৰ সতৰ্কবাণী জাৰি কৰাৰ লগে লগে ফেৰী সেৱা তাৎক্ষণিকভাৱে স্থগিত ৰাখিব লাগিব। এই নিৰ্দেশনা উলংঘা কৰিলে বা ৰূপায়ণত অৱহেলা কৰিলে দুৰ্যোগ ব্যৱস্থাপনা আইন, ২০০৫ আৰু অন্যান্য প্ৰযোজ্য আইন অনুসৰি কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি জিলা প্ৰশাসনে নিৰ্দেশনা জাৰি কৰিছে।

উল্লেখ্য যে বহৰি পাৰঘাটত সংঘটিত এই দুৰ্ঘটনাত ২০ জনকৈ লোক আঘাতপ্ৰাপ্ত হৈছিল লগতে কথমপি প্ৰাণ ৰক্ষা পৰিছিল নাওখনত থকা ডেৰ শতাধিক যাত্ৰীৰ।

লগতে পঢ়ক: Assam teacher mobile phone restriction: শিক্ষকসকলৰ বাবে কঠোৰ নিৰ্দেশনা! উলংঘা কৰিলেই গ্ৰহণ কৰা হ’ব কঠোৰ ব্যৱস্থা



Source link

Leave A Reply

Your email address will not be published.