Voice of Eastern India

Assam Proton Beam Therapy: জনস্বাস্থ্য খণ্ডত অসমৰ ঐতিহাসিক পদক্ষেপ…


Assam Proton Beam Therapy: দেশৰ প্ৰথমটো প্ৰটন বীম থেৰাপী কেন্দ্ৰ স্থাপনৰ MOU স্বাক্ষৰ।

অসম চৰকাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালত (GMCH) উন্নত প্ৰযুক্তিৰ প্ৰ’টন বিম থেৰাপী মেচিন স্থাপনৰ বাবে বেলজিয়ামৰ প্ৰতিষ্ঠান IBA-ৰ সৈতে বুজাবুজিৰ চুক্তি (MoU) স্বাক্ষৰ কৰিছে। শনিবাৰে এই কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই (Assam Proton Beam Therapy)।

প্ৰস্তাৱিত মেচিনটোৰ মূল্য প্ৰায় ৬০০ কোটি টকা। অহা তিনি বছৰৰ ভিতৰত GMCH-ত এই মেচিন স্থাপনৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। মুখ্যমন্ত্ৰীৰ মতে, ভাৰতৰ ৰাজহুৱা স্বাস্থ্যসেৱা ব্যৱস্থাত এইটোৱেই হ’ব প্ৰথমটো প্ৰ’টন বিম থেৰাপী কেন্দ্ৰ। ইয়াৰ জৰিয়তে দেশত উন্নত কৰ্কট চিকিৎসাৰ আন্তঃগাঁথনি অধিক শক্তিশালী হ’ব।

চুক্তি সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয় যে প্ৰ’টন বিম থেৰাপী হৈছে বিকিৰণৰ জৰিয়তে কৰ্কট ৰোগৰ চিকিৎসা কৰা অন্যতম আধুনিক পদ্ধতি। এই ব্যৱস্থাই অসমত বিশেষজ্ঞ কৰ্কট চিকিৎসা সেৱাৰ পৰিসৰ বৃদ্ধি কৰিব (GMCH Proton Therapy Machine)।

তেওঁ লগতে উল্লেখ কৰে যে উন্নত চিকিৎসা প্ৰযুক্তিৰ ক্ষেত্ৰত চৰকাৰে নিয়মীয়াকৈ নজৰ ৰাখিব আৰু ৰোগীসকলে যাতে সুলভ মূল্যত এই চিকিৎসা লাভ কৰিব পাৰে, তাৰ ব্যৱস্থা গ্ৰহণ কৰিব।

মুখ্যমন্ত্ৰীৰ মতে, এই প্ৰকল্পত ৰাজ্য চৰকাৰৰ মূলধনী ব্যয়ৰ বোজা তুলনামূলকভাৱে কম হ’ব। ফলত চিকিৎসাৰ খৰচো সাধাৰণ ৰোগীৰ বাবে কম ৰখাত সহায়ক হ’ব।

লগতে পঢ়ক: Agarwood Industry Assam: অসমৰ অগৰু উদ্যোগলৈ সুখবৰ, গুৱাহাটীৰ বিমানবন্দৰৰ পৰা হ’ব আন্তঃৰাষ্ট্ৰীয় ৰপ্তানি



Source link

Leave A Reply

Your email address will not be published.