Voice of Eastern India

Dhubri eviction drive: কাইলৈ পুৱাই ধুবুৰীত বৃহৎ উচ্ছেদ অভিযান, সাজু শাৰী শাৰী বুলড’জাৰ


Dhubri eviction drive: ধুবুৰীত উচ্ছেদৰ কাউণ্টডাউন, পুৱা ৬ বজাতে চলিব বুলড’জাৰ।

ধুবুৰী জিলাৰ আলমগঞ্জ পাৰ্ট-IXত উচ্ছেদ অভিযানক কেন্দ্ৰ কৰি সৃষ্টি হৈছে উদ্বেগ আৰু অনিশ্চয়তাৰ পৰিৱেশ। গৌৰীপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত অঞ্চলটোত ৩১ অক্টোবৰত প্ৰায় ২,৮৫০ বিঘা চৰকাৰী ভূমি বেদখলমুক্ত কৰাৰ বাবে সাজু হৈছে জিলা প্ৰশাসন (Dhubri eviction drive)।

উচ্ছেদ অভিযানৰ বাবে প্ৰশাসনে ইতিমধ্যে যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰিছে। ভূমি খালী কৰিবলৈ সংশ্লিষ্ট লোকসকলক নিৰ্দেশ দিয়াৰ পিছতে অঞ্চলটোৰ একাংশ পৰিয়ালে নিজেই ঘৰ-দুৱাৰ ভাঙি আন স্থানলৈ যোৱাৰ ব্যৱস্থা কৰিছে।

দেওবাৰে পুৱা ৬ বজাতেই প্ৰশাসনে চলাব এই বৃহৎ উচ্ছেদ অভিযান। ইতিমধ্যে উচ্ছেদৰ বাবে শাৰী-শাৰীকৈ সাজু বুলড’জাৰ। উচ্ছেদস্থলীত অপ্ৰিতীকৰ পৰিৱেশৰ সৃষ্টি নহ’বলৈ মোতায়েন কৰা হৈছে বৃহৎ আৰক্ষী বাহিনী (Dhubri Alamganj eviction)।

ইফালে উচ্ছেদৰ আশংকাত ভুগি থকা পৰিয়ালসমূহে চৰকাৰৰ ওচৰত বিকল্প বাসস্থানৰ ব্যৱস্থা কৰি দিবলৈ আহ্বান জনাইছে। তেওঁলোকৰ অভিযোগ, ব্যক্তিগত লোকৰ পৰা মাটি ক্ৰয় কৰাৰ সময়ত সেই ভূমি চৰকাৰী বুলি জানিব পৰা নাছিল।

“আমি বাংলাদেশী নহয়। আমাৰ জন্ম ইয়াতেই হৈছে। আমাৰ ককা-আইতাইো ইয়াতেই বাস কৰিছিল। আমি কিছুমান লোকৰ পৰা মাটি কিনিছিলোঁ। সেই মাটি যে চৰকাৰী, সেই কথা আমি জনা নাছিলোঁ,” বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে একাংশ বাসিন্দাই।

আনহাতে, প্ৰশাসনৰ মতে উচ্ছেদৰ বাবে চিহ্নিত ভূমি চৰকাৰৰ আৰু আইন অনুসৰিয়েই অভিযান চলোৱা হ’ব। বাসিন্দাসকলক সহযোগিতা কৰি স্বেচ্ছাই ভূমি খালী কৰিবলৈও আহ্বান জনাইছে প্ৰশাসনে।

লগতে পঢ়ক: Dhubri News: আৰক্ষীৰ জালত ৩৬টাকৈ অবৈধ বাংলাদেশী



Source link

Leave A Reply

Your email address will not be published.