Voice of Eastern India

Guwahati Bilas Inn murder case: ঘাতক ঘনকান্তক লগত লৈ সৌকুছিৰ ভাড়াঘৰত আৰক্ষী অভিযান


Guwahati Bilas Inn murder case: ঘনকান্তৰ ভাড়াঘৰত আৰক্ষীৰ অভিযান, ক’ত হেৰাল অভিযুক্তৰ পত্নী-কন্যা?

গুৱাহাটীৰ বিলাস-ইন হত্যাকাণ্ডৰ মূল অভিযুক্ত ঘনকান্ত গগৈৰ সৌকুছিস্থিত ভাড়াঘৰত উপস্থিত হয় আৰক্ষীৰ এটা বৃহৎ দল। হত্যাকাণ্ডৰ মূল অভিযুক্তক ঘনকান্তক লগত লৈ আৰক্ষীয়ে ভাড়াঘৰত অভিযান চলায়। আনহাতে হত্যাকাণ্ডৰ কেইঘণ্টামান পূৰ্বে ঘৰৰ পৰা ওলাই যোৱা ঘনকান্তৰ পত্নী আৰু নাবালিকা কন্যাৰ বৰ্তমানলৈ কোনো সন্ধান পোৱা হোৱা নাই আৰক্ষীয়ে (Guwahati Bilas Inn murder case)।

জানিব পৰা মতে, ঘনকান্ত গগৈয়ে পত্নী আৰু কন্যাৰ সৈতে সৌকুছিৰ ভাড়াঘৰটোত বাস কৰিছিল। কিন্তু সোমবাৰে নিশা হোটেল বিলাস-ইনত হত্যাকাণ্ড সংঘটিত হোৱাৰ কেইঘণ্টামান পূৰ্বে পত্নী-কন্যাই এখন টেক্সিত উঠি ঘৰ এৰে। তাৰ পিছৰে পৰা তেওঁলোকৰ কোনো খবৰ লাভ কৰা নাই আৰক্ষীয়ে।

আনহাতে, হোটেলখনৰ লীজ চুক্তিক কেন্দ্ৰ কৰিয়েই এই নৃশংস হত্যাকাণ্ড সংঘটিত হোৱাৰ অভিযোগ উঠিছে। চুক্তিৰ চৰ্ত চূড়ান্ত কৰাক লৈ সোমবাৰে নিশা হোৱা বাক-বিতণ্ডাই ভয়ংকৰ ৰূপ লয়। অভিযোগ অনুসৰি, সেই সময়তে ঘনকান্ত গগৈয়ে নিচেই ওচৰৰ পৰা গুলীয়াই হত্যা কৰে হোটেলখনৰ স্বত্বাধিকাৰী হেলেনা বি ভৰালী, তেওঁৰ পুত্ৰ দেৱৰ্ষি ইষান কাশ্যপ, বোৱাৰী ৰিণিকা, ভাতৃ ভূদেৱ ভৰালী আৰু হোটেলৰ কৰ্মচাৰী নাৰায়ণ দাসক (Guwahati Bilas Inn murder investigation)।

উল্লেখ্য যে, লীজ চুক্তিৰ বিবাদ নিষ্পত্তিৰ বাবে অনুষ্ঠিত বৈঠকত ভাগ ল’বলৈ বৰপেটাৰ পৰা আহিছিল ভূদেৱ ভৰালী। আনহাতে, হোটেলখনৰ বৈদ্যুতিক কামৰ দায়িত্বত থকা নাৰায়ণ দাসো বৰপেটাৰ পৰাই আহিছিল। পিছদিনা ঘৰলৈ উভতি যোৱাৰ কথা আছিল তেওঁৰ।

এই ঘটনাত গুলীবিদ্ধ হয় ভূদেৱ ভৰালীৰ গাড়ীচালক সত্যেন্দ্ৰ পাঠকো। বৰ্তমান তেওঁ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছে।

ইফালে, হত্যাকাণ্ডৰ পিছতে বশিষ্ঠ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ঘনকান্ত গগৈক। মঙলবাৰে সন্ধিয়া আদালতত হাজিৰ কৰোৱাৰ পিছত তেওঁক সাত দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হয়।

লগতে পঢ়ক: Guwahati Hotel Shooting: পোহৰলৈ হোটেল বিলাস ইন কাণ্ডৰ ন-ন তথ্য



Source link

Leave A Reply

Your email address will not be published.