সমগ্ৰ ৰাজ্য জোকাৰি যোৱা বিলাস ইন হত্যাকাণ্ডক লৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।
ৰাজ্য কঁপাই যোৱা বিলাস ইনত হোৱা হত্যাকাণ্ডক লৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰথমবাৰলৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, ‘বিলাস ইনৰ ঘটনা ব্যক্তিগত কাজিয়া আছিল।
ঘনকান্ত গগৈয়ে ব্যৱহাৰ কৰা পিষ্টলটোৰ সন্দৰ্ভত কৰা প্ৰশ্নত মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, ঘনকান্ত গগৈয়ে ব্যৱহাৰ কৰা বন্দুকটো আমি দিয়া নহয়। সেইটো নাগালেণ্ডে দিয়া। তেওঁলোকে কি পৰিৱেশত দিছে, সেয়া জানি ল’ব লাগিব। অসম চৰকাৰে দিয়া বন্দুক নহয়।
মুখ্যমন্ত্ৰী গৰাকীয়ে লগতে কয় যে, অৱশ্যে এই ঘটনাক লৈ আৰক্ষীয়ে সম্পূৰ্ণ তদন্ত চলাই আছে। আৰু আইনে কঠোৰ ব্যৱস্থা ল’ব। সমগ্ৰ ঘটনাৰ তদন্তৰ বাবে ইতিমধ্যে SIT গঠন কৰা হৈছে।
লগতে পঢ়ক: ‘এনকাউণ্টাৰ কৰিলেহে দেউতা,পেহী, দাদা, বৌয়ে ন্যায় পাব’; ভূদেৱ ভৰালীৰ কন্যাৰ ডাঙৰ মন্তব্য
