Voice of Eastern India

Assam child marriage crackdown: ‘অসমত বাল্যবিবাহৰ কোনো স্থান নাই’, মুখ্যমন্ত্ৰীৰ কঠোৰ বাৰ্তা


Assam child marriage crackdown: বাল্যবিবাহ কৰিলে ৰেহাই নাই। ৫২৪জনক গ্ৰেপ্তাৰ, ৪৪১টা গোচৰ ৰুজু।

অসমত বাল্যবিবাহৰ বিৰুদ্ধে চৰকাৰৰ অভিযান অব্যাহত আছে। এই অভিযানৰ অংশ হিচাপে এই পৰ্যন্ত ৫২৪জন লোকক গ্ৰেপ্তাৰ কৰাৰ লগতে ৪৪১টা গোচৰ ৰুজু কৰা হৈছে। সোমবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে এই তথ্য প্ৰকাশ কৰে (Assam child marriage crackdown)।

মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, ২৭ অক্টোবৰৰ বিয়লি ৫ বজালৈকে এই পৰিসংখ্যা নথিভুক্ত হৈছে। বাল্যবিবাহৰ সৈতে জড়িত লোকসকলৰ বিৰুদ্ধে চৰকাৰে কঠোৰ স্থিতি গ্ৰহণ কৰি যাব বুলিও তেওঁ স্পষ্ট কৰি দিয়ে।

এক্সত কৰা এটা পোষ্টত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে বাল্যবিবাহৰ দৰে গুৰুতৰ অপৰাধত জড়িত কোনো লোককে ৰেহাই দিয়া নহ’ব। অসমক বাল্যবিবাহমুক্ত ৰাজ্য হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলিও তেওঁ উল্লেখ কৰে (child marriage in Assam)।

ফেচবুকৰ এটা পোষ্টত মুখ্যমন্ত্ৰীগৰাকীয়ে লিখিছে-“আমি স্পষ্ট— অসমত বাল্যবিবাহৰ কোনো স্থান নাই

নৱেম্বৰৰ পৰা বাল্যবিবাহৰ বিৰুদ্ধে অভিযান আৰম্ভ হ’ব বুলি ভাবি আছিল নেকি? কিন্তু অভিযান ইতিমধ্যে আৰম্ভ হৈছেই! এয়া আজিৰ বিয়লি ৫ বজালৈকে তথ্য।“

উল্লেখ্য যে, ২০২৩ চনৰ পৰাই অসমত বাল্যবিবাহৰ বিৰুদ্ধে অভিযান অধিক তীব্ৰতৰ কৰা হৈছে। আৰক্ষীয়ে কেৱল বাল্যবিবাহ কৰা লোকৰ বিৰুদ্ধেই নহয়, এনে বিবাহৰ আয়োজন কৰা আৰু সম্পন্ন কৰাত সহযোগ কৰা লোকসকলৰ বিৰুদ্ধেও ব্যৱস্থা গ্ৰহণ কৰি আহিছে।

২০২৩ চনৰ ফেব্ৰুৱাৰী আৰু অক্টোবৰ মাহত চলোৱা প্ৰথম দুটা বৃহৎ অভিযানত হাজাৰ হাজাৰ লোকক গ্ৰেপ্তাৰ কৰা হৈছিল। ইয়াৰ পিছত ২০২৪ চনৰ ডিচেম্বৰ মাহত চলোৱা তৃতীয়টো বিশেষ অভিযানত ৪১৬জন লোকক গ্ৰেপ্তাৰ কৰা হৈছিল বুলি সেই সময়ত প্ৰকাশিত অসম আৰক্ষীৰ তথ্যত উল্লেখ কৰা হৈছিল।

বাল্যবিবাহ প্ৰতিৰোধৰ বাবে চৰকাৰে আৰক্ষীৰ অভিযানৰ লগতে আইনী ব্যৱস্থা আৰু সজাগতামূলক কাৰ্যসূচীৰ ওপৰতো গুৰুত্ব দিছে। শেহতীয়াকৈ প্ৰকাশ কৰা পৰিসংখ্যাই ৰাজ্যখনত এই অভিযান অব্যাহত থকাৰ কথাকে পুনৰ স্পষ্ট কৰিছে।

লগতে পঢ়ক: Assam Child Marriage Crackdown: ৰাজ্যজুৰি অবৈধ স্বামী বিচাৰি আৰক্ষীৰ অভিযান, ২৪ ঘণ্টাত গ্ৰেপ্তাৰ ১৬২ জন



Source link

Leave A Reply

Your email address will not be published.