Zubeen Garg death case: জুবিনৰ মৃত্যুৰ গোচৰৰ শুনানি, একেলগে আদালতত সন্দীপন গাৰ্গ আৰু অমৃতপ্ৰভা।
জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰক লৈ গুৱাহাটীৰ বিশেষ ফাষ্ট ট্ৰেক আদালতত পুনৰ আৰম্ভ হৈছে শুনানি। সোমবাৰে আদালতত উপস্থিত হয় নিলম্বিত অসম আৰক্ষী সেৱাৰ বিষয়া সন্দীপন গাৰ্গ। প্ৰায় এবছৰ কাৰাগাৰত থকাৰ পিছত জামিন লাভ কৰি যোৱা ১৯ অক্টোবৰত বাক্সা জিলা কাৰাগাৰৰ পৰা মুক্তি পাইছিল তেওঁ। গুৱাহাটী উচ্চ ন্যায়ালয়ে জামিন মঞ্জুৰ কৰাৰ তিনিদিন পিছতে তেওঁ কাৰাগাৰৰ পৰা ওলাই আহে (Zubeen Garg death case)।
জামিনৰ চৰ্ত অনুসৰি, জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ দৈনিক শুনানি চলি থকা বিশেষ ফাষ্ট ট্ৰেক আদালতত সন্দীপন গাৰ্গে উপস্থিত থাকিব লাগিব।
অসম আৰক্ষী সেৱাৰ নিলম্বিত বিষয়া সন্দীপন গাৰ্গক যোৱা ১৬ অক্টোবৰত গুৱাহাটী উচ্চ ন্যায়ালয়ে জামিন প্ৰদান কৰিছিল। ইয়াৰ তিনিদিন পিছত, ১৯ অক্টোবৰত তেওঁ বাক্সা জিলা কাৰাগাৰৰ পৰা মুকলি আকাশৰ তললৈ আহে। অৱশ্যে, জামিন লাভ কৰিলেও গোচৰৰ শুনানিৰ সময়ত আদালতত উপস্থিত থকাৰ চৰ্ত আৰোপ কৰা হৈছে তেওঁৰ ওপৰত (Zubeen Garg case latest news)।
ইফালে, জুবিন গাৰ্গৰ সৈতে ছিংগাপুৰলৈ যোৱা কণ্ঠশিল্পী অমৃতপ্ৰভা মহন্তও একেদিনাই আদালতত হাজিৰ হয়। যোৱা বছৰৰ ১৯ ছেপ্টেম্বৰত ছিংগাপুৰত জুবিন গাৰ্গৰ মৃত্যু হৈছিল। সেই সময়ত তেওঁৰ সৈতে থকা অমৃতপ্ৰভাই যোৱা ৯ অক্টোবৰত জামিন লাভ কৰিছিল।
আনহাতে, জুবিন গাৰ্গৰ দীৰ্ঘদিনীয়া বন্ধু তথা ব্যৱসায়িক সহযোগী দেৱ কুমাৰ বৰকটকীয়েও আদালতত উপস্থিত হৈ নিজৰ বক্তব্য লিপিবদ্ধ কৰায়। তেওঁ এন কে প্ৰডাকচনৰ স্বত্বাধিকাৰী।
উল্লেখ্য যে, জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ তদন্ত কৰি অসম আৰক্ষীৰ বিশেষ তদন্তকাৰী দলে যোৱা বছৰ অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন গাৰ্গকে ধৰি সাতজন লোকক গ্ৰেপ্তাৰ কৰিছিল।
এই গোচৰত গ্ৰেপ্তাৰ হোৱা আন অভিযুক্তসকলৰ ভিতৰত আছে শ্যামকানু মহন্ত, জুবিনৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা, ড্ৰামবাদক শেখৰজ্যোতি গোস্বামী আৰু ব্যক্তিগত নিৰাপত্তাৰক্ষী পৰেশ বৈশ্য তথা নন্দেশ্বৰ বৰা (Zubeen Garg case hearing)।
গ্ৰেপ্তাৰৰ পিছত সাতোজন অভিযুক্তকে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছিল। শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাক বাক্সা জিলা কাৰাগাৰত ৰখা হৈছিল। সন্দীপন গাৰ্গকো পূৰ্বে একেখন কাৰাগাৰতে ৰখা হৈছিল। আনহাতে, শেখৰজ্যোতি গোস্বামীক হাফলং কাৰাগাৰত ৰখা হৈছিল।
লগতে পঢ়ক: ৩০ অক্টোবৰত চচলত জুবিনৰ ন্যায়ৰ দাবীত প্ৰতিবাদ, গৰিমা শইকীয়া গাৰ্গৰ আহ্বান
