Voice of Eastern India

Guwahati Ulubari Firing: মহানগৰীৰ গুলীচালনাৰ ঘটনাত মৃত্যু বিলাস ইনৰ স্বত্তাধিকাৰী মাতৃ-পুত্ৰৰ, দুৰ্বৃত্তক গ্ৰেপ্তাৰ


Guwahati Ulubari Firing: মহানগৰীৰ বিলাস ইন কাণ্ডৰ দুৰ্বৃত্তক গ্ৰেপ্তাৰ, হোটেলৰ স্বত্তাধিকাৰি মাতৃ-পুত্ৰৰ মৃত্যু।

গুৱাহাটীৰ উলুবাৰীৰ হোটেল বিলাস ইনত সংঘটিত ভয়ংকৰ গুলীচালনাৰ ঘটনাৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। ঘনকান্ত গগৈ নামৰ অভিযুক্তজনক পল্টন বজাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। হোটেলখন লীজত লোৱাক কেন্দ্ৰ কৰি চলি অহা সংঘাতৰ পৰিণতিতে এই গুলীচালনাৰ ঘটনা সংঘটিত হোৱা বুলি প্ৰাথমিক তথ্যত প্ৰকাশ পাইছে (Guwahati Ulubari Firing)।

এই ঘটনাত হোটেল বিলাস ইনৰ স্বত্বাধিকাৰী হেলেনা ভৰালী আৰু তেওঁৰ পুত্ৰ দেৱৰ্ষি কাশ্যপৰ মৃত্যু হৈছে। ইয়াৰ উপৰি হেলেনা ভৰালীৰ জ্যেষ্ঠ ভাতৃ ভূদেৱ ভৰালীও গুলীচালনাৰ ঘটনাত নিহত হোৱা বুলি জানিব পৰা গৈছে।

প্ৰাথমিক তথ্য অনুসৰি, হোটেলখন লীজত লোৱাক লৈ অভিযুক্ত ঘনকান্ত গগৈৰ সৈতে হোটেলৰ স্বত্বাধিকাৰী পক্ষৰ সংঘাত চলি আছিল। জানিব পৰা মতে, প্ৰায় এবছৰ পূৰ্বে ঘনকান্ত গগৈয়ে হোটেলখন লীজত লৈছিল। এই সংঘাতেই অৱশেষত ভয়ংকৰ ৰূপ লয়।

ইতিমধ্যে আৰক্ষীয়ে গুলীচালনাত ব্যৱহাৰ কৰা পিষ্টলটোও জব্দ কৰিছে। গুৱাহাটী আৰক্ষীৰ আয়ুক্ত পাৰ্থ সাৰথি মহন্তই সদৰী কৰা মতে, গুলীচালনাত ব্যৱহৃত পিষ্টলটোৰ বৈধ অনুজ্ঞাপত্ৰ আছিল।

মহানগৰীৰ মাজমজিয়াত সংঘটিত এই ভয়ংকৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। আৰক্ষীয়ে ঘটনাটোৰ সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে।

লগতে পঢ়ক: Guwahati Hotel Shooting Incident: উলুবাৰীৰ গুলীচালনাত ৬জনৰ মৃত্যু, আৰক্ষীৰ জালত দুৰ্বৃত্ত



Source link

Leave A Reply

Your email address will not be published.