Guwahati Hotel Shooting Incident: গুৱাহাটীৰ হোটেলত নিৰ্বিচাৰ গুলীচালনা, ৬জনৰ মৃত্যু! অপৰাধীক শীঘ্ৰে গ্ৰেপ্তাৰৰ আশ্বাস আৰক্ষী আয়ুক্তৰ।
গুৱাহাটীৰ উলুবাৰীৰ ভয়ংকৰ গুলীচালনাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে গুৱাহাটী আৰক্ষীৰ আয়ুক্ত পাৰ্থ সাৰথি মহন্তই। মহানগৰী কঁপাই যোৱা এই ঘটনাত চাৰিজন লোকৰ মৃত্যু হোৱা বুলি নিশ্চিত কৰিছে আৰক্ষী আয়ুক্তই। লগতে এই ঘটনাৰে জড়িত অপৰাধীক শীঘ্ৰেই গ্ৰেপ্তাৰ কৰা হ’ব বুলি উল্লেখ কৰে তেওঁ (Guwahati Hotel Shooting Incident)।
সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত গুৱাহাটী আৰক্ষীৰ আয়ুক্ত পাৰ্থ সাৰথি মহন্তই কয়, “এই ঘটনা অতি দুৰ্ভাগ্যজনক। আমি চাৰিটা মৃতদেহ উদ্ধাৰ কৰিছোঁ। এতিয়াও মৰণোত্তৰ পৰীক্ষা সম্পন্ন হোৱা নাই। মই আশ্বাস দিছোঁ যে অপৰাধীসকলক অতি সোনকালে গ্ৰেপ্তাৰ কৰা হ’ব।”
শেহতীয়াকৈ লাভ কৰা বাতৰি অনুসৰি এই ঘটনাত নিহতৰ সংখ্যা ৬ জনলৈ বৃদ্ধি পাইছে। লগতে ঘটনাৰে জড়িত দুৰ্বৃত্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা বুলি জানিব পৰা গৈছে (Guwahati Ulubari firing incident)।
ইফালে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালত হাহাকাৰ নিহতৰ আত্মীয়ৰ। কান্দোনত ভাঙি পৰিছে নিহতৰ পৰিয়ালৰ লোক।
উল্লেখ্য যে, সোমবাৰে নিশা মহানগৰীৰ উলুবাৰীৰ বিলাস ইন নামৰ এখন হোটেলত অচিনাক্ত দুৰ্বৃত্তৰ গুলীচালনাত চাৰিজন লোকৰ মৃত্যু হয়।
প্ৰাথমিক তথ্য অনুসৰি, দুৰ্বৃত্তই হোটেলখনত থকা ছজন লোকক লক্ষ্য কৰি গুলীচালনা কৰিছিল। আহত দুজন লোকক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হয় যদিও পৰৱৰ্তী সময়ত তেওঁলোকে মৃত্যুক আঁকোৱালি লয় বুলি জানিব পৰা গৈছে।
ঘটনাৰ খবৰ লাভ কৰাৰ পিছতে ঘটনাস্থলীত ততাতৈয়াকৈ উপস্থিত হয় গুৱাহাটী আৰক্ষীৰ এটা দল। ফৰেনছিক বিশেষজ্ঞৰ দলো ঘটনাস্থলীত উপস্থিত হৈ ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে। এই ভয়ংকৰ ঘটনাটোৰ আঁৰত কোন জড়িত আৰু কি কাৰণত এই গুলীচালনা সংঘটিত হ’ল, সেই বিষয়ে আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখিছে।
লগতে পঢ়ক: Guwahati Firing Incident: মহানগৰীত ভয়ংকৰ ঘটনা, গুলীচালনাত ৫ জনৰ মৃত্যু
