Voice of Eastern India

বিহু দলক কৰা আক্ৰমণক লৈ উত্তপ্ত বৰাক


শ্ৰীভূমি জিলাত বিহু দলৰ ওপৰত কৰা আক্ৰমণৰ অভিযোগত এতিয়ালৈকে ১৭ জনক গে্ৰপ্তাৰ

দুৰ্গা পূজাৰ বিসৰ্জনৰ বাবে আয়োজন কৰা সমদলত বিহু প্ৰদৰ্শন কৰাৰ সময়তেই শ্ৰীভূমি জিলাত বিহু দলৰ ওপৰত সংঘটিত আক্ৰমণৰ অভিযোগত বৰ্তমানলৈকে ১৭ জনক গ্ৰেপ্তাৰ কৰা হৈছে। শ্ৰীভূমি জিলাত বিহু দলৰ ওপৰত সংঘটিত আক্ৰমণক লৈ এতিয়া একগোট হৈছে অসমীয়া। দোষীৰ শাস্তিৰ দাবীৰে ৰাজপথলৈ ওলাই আহিছে ৰাইজ।

বিহু দলৰ ওপৰত সংঘটিত কাণ্ডক লৈ উত্তপ্ত হৈ পৰিছে বৰাক।উল্লেখ্য যে বিজয়া দশমীৰ দিনটোত ১১জনীয়া বিহু দলৰ সদস্যক লাঠী লৈ ভয়ংকৰ ভাৱে আক্ৰমণ কৰা আৰু তেওঁলোকৰ হাতত থকা ঢোলকে ধৰি আন বাদ্যযন্ত্ৰসমূহ ভাঙি দিয়াৰ বাবে ন্যায় বিচাৰি ৰাজপথত আছুৰ বিশাল প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে। এই ঘটনাৰ ফলত দলটোৰ কেইবাজনো সদস্য আহত হৈছিল। বিহু দলক আক্ৰমণ কৰাৰ দোষীৰ কঠোৰ শাস্তিৰ বিহাৰ দাবী জনাইছে তেওঁলোকে।

প্ৰতিবাদ সাব্যস্ত কৰি তেওঁলোকে কয় যে, বিহু দলৰ সদস্য আক্ৰমণ কৰাৰ লগতে বৰাকত অসমীয়া নচলিব বুলি ক’বলৈ ক’ত সাহস পালে। যদি বৰাক অসমত নাই তেনেহলে অসমৰ পৰা ওলাই দিয়ক। এতিয়া লৈকে ১৭ জনক গ্ৰেপ্তাৰ কৰা হ’ল যদিও অতি শীঘ্ৰেই বাকি থকা কেইজনকো গ্ৰেপ্তাৰ কৰি উচিত শাস্তি প্ৰদান কৰিব লাগে।  

লগতে পঢ়ক: ৩০ অক্টোবৰত চচলত জুবিনৰ ন্যায়ৰ দাবীত প্ৰতিবাদ, গৰিমা শইকীয়া গাৰ্গৰ আহ্বান



Source link

Leave A Reply

Your email address will not be published.