Voice of Eastern India

Sribhumi Bihu troupe attack: শ্ৰীভূমিত বিহু দলৰ ওপৰত আক্ৰমণ, গ্ৰেপ্তাৰৰ সংখ্যা ১৭লৈ বৃদ্ধি


Sribhumi Bihu troupe attack: অসমৰ সাংস্কৃতিক ঐতিহ্যক অপমান। বিহু দলৰ আক্ৰমণৰ ঘটনাত ১৭জন গ্ৰেপ্তাৰ।

শ্ৰীভূমি জিলাত বিহু দলৰ ওপৰত আক্ৰমণৰ অভিযোগক লৈ আৰক্ষীৰ অভিযান অব্যাহত আছে। এই ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত দেওবাৰে আৰু চাৰিজন লোকক গ্ৰেপ্তাৰ কৰা হয়। ইয়াৰ লগে লগে গোচৰটোত গ্ৰেপ্তাৰ হোৱা লোকৰ সংখ্যা ১৭জনলৈ বৃদ্ধি পালে (Sribhumi Bihu troupe attack)।

শ্ৰীভূমি আৰক্ষীয়ে ২৬ অক্টোবৰত এই কথা সদৰী কৰি জনায় যে ঘটনাটোৰ তদন্ত চলি আছে। আইন-শৃংখলা বজাই ৰখাৰ লগতে নাগৰিকৰ অধিকাৰ সুৰক্ষিত কৰা আৰু জিলাখনত শান্তি-সম্প্ৰীতি অটুট ৰখাৰ বাবে আৰক্ষী দায়বদ্ধ বুলিও উল্লেখ কৰে।

উল্লেখ্য যে দুৰ্গা পূজাৰ প্ৰতিমা বিসৰ্জনৰ শোভাযাত্ৰাত বিহু পৰিৱেশন কৰিবলৈ আমন্ত্ৰণ জনোৱা এটা দলৰ ওপৰত এদল লোকে আক্ৰমণ চলোৱাৰ অভিযোগ উঠিছিল। এই ঘটনাত কেইবাজনো শিল্পী আহত হোৱাৰ লগতে ঢোল, পেঁপাকে ধৰি বিহু দলটোৰ পৰম্পৰাগত বাদ্যযন্ত্ৰসমূহৰ ক্ষতিসাধন কৰা হৈছিল বুলি অভিযোগ উত্থাপন হৈছে (Assam Bihu troupe attack)।

ইয়াৰ পূৰ্বে অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান হৰমীত সিঙে এই ঘটনাত ১৩জন লোকক গ্ৰেপ্তাৰ কৰাৰ কথা সদৰী কৰিছিল। ঘটনাটোক লৈ শ্ৰীভূমি আৰক্ষী থানাত গোচৰ ৰুজু কৰা হৈছে আৰু গ্ৰেপ্তাৰ কৰা লোকসকলক আদালতত হাজিৰ কৰোৱা হৈছে। আনহাতে, ঘটনাত জড়িত থকাৰ অভিযোগ উঠা বাকী লোকসকলকো চিনাক্ত কৰি গ্ৰেপ্তাৰৰ বাবে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

এই ঘটনাক লৈ কঠোৰ স্থিতি গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। গৃহ বিভাগৰ দায়িত্বতো থকা মুখ্যমন্ত্ৰীগৰাকীয়ে দোষীসকলৰ বিৰুদ্ধে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰক্ষীক নিৰ্দেশ দিছিল। অসমৰ সাংস্কৃতিক পৰিচয় আৰু ঐতিহ্যক অপমান কৰা কোনো কাৰ্য সহ্য কৰা নহ’ব বুলিও তেওঁ স্পষ্ট কৰি দিয়ে।

ইফালে এই ঘটনাৰ ন্যায় বিচাৰি আজি শ্ৰীভূমিত সদৌ অসম ছাত্ৰ সন্থাই ৰূপায়ণ কৰে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী। ঘটনাত জড়িত দোষীক কঠোৰ শাস্তিৰ দাবীত শ শ ছাত্ৰ সন্থাৰ কৰ্মীয়ে ৰাজপথত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

লগতে পঢ়ক: বিহু দলক কৰা আক্ৰমণক লৈ উত্তপ্ত বৰাক



Source link

Leave A Reply

Your email address will not be published.