Voice of Eastern India

সুখবৰ; শীঘ্ৰেই মুকলি হ’ব মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতাল


ৰাজ্যৰ স্বাস্থ্য খণ্ডলৈ এক সুখবৰ আহিছে। ১৬ অহা ১৬ নৱেম্বৰত মুকলি হ’ব গুৱাহাটীৰ পানবজাৰস্থিত মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতাল।

অহা ১৬ নৱেম্বৰত মুকলি হ’ব গুৱাহাটীৰ পানবজাৰস্থিত মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতাল। প্ৰায় ৮৫০-৯০০ খন বিছনাৰ ক্ষমতাৰে হাস্পতালখন মুকলি কৰাৰ নিৰ্ধাৰণ কৰা হৈছে।  নতুন চিকিৎসালয় ভৱনটো প্ৰায় ১,০০০ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা হৈছে।

প্ৰাপ্ত তথ্য অনুসৰি, আন্তঃগাঁথনি প্ৰতিষ্ঠান লাৰ্চেন এণ্ড ট্ৰুবাৰ (L&T) দ্বাৰা হাস্পতালখনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰা হৈছে বুলি উল্লেখ কৰিছে। চিকিৎসালয়খনৰ নিৰ্মাণকাৰ্যৰ অগ্ৰগতিৰ বুজ ল’বলৈ সোমবাৰে হাস্পতালখনত স্বাস্থ্যমন্ত্ৰী অশোক সিংহল।

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল (জিএমচিএইচ)ৰ পুনৰ নিৰ্মাণৰ পৰিকল্পনাৰ অংশ হিচাপে জিএমচিএইচৰ কেইবাটাও বিভাগ মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয় হাস্পতাললৈ স্থানান্তৰ কৰা হ’ব।

স্থানান্তৰ হ’বলগীয়া বিভাগসমূহৰ ভিতৰত আছে ঔষধ বিভাগ, মনোৰোগ বিভাগ, অস্ত্ৰোপচাৰ বিভাগ, প্লাষ্টিক অস্ত্ৰোপচাৰ বিভাগ আৰু নাক-কাণ-ডিঙি বিভাগ। ২০২১ বৰ্ষত ৩১ ডিচেম্বৰৰ পৰা মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ৰ স্বাস্থ্যসেৱা বন্ধ হৈ আছিল।

লগতে পঢ়ক: বিহু দলক কৰা আক্ৰমণক লৈ উত্তপ্ত বৰাক



Source link

Leave A Reply

Your email address will not be published.